ETV Bharat / state

Chirang Love Between Women: দুই নাৰীৰ প্ৰেমৰ কাহিনীত তোলপাৰ চিৰাং - Chirang women falls in love each other

এইখন অসমৰে এক আজব প্ৰেম কাহিনী । চিৰাং জিলাৰ এংকৰবাৰীৰ এই প্ৰেম কাহিনীয়ে এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । চিৰাঙৰ দুই মহিলাৰ মাজৰ প্ৰেমৰ সম্পৰ্ক এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে (Chirang women falls in love each other) ।

Chirang
Chirang
author img

By

Published : Jan 31, 2023, 2:22 PM IST

মহিলাৰ সমকামী প্ৰেমত উত্তাল চিৰাং

চিৰাং, ৩১ জানুৱাৰী : প্ৰেমে নামানে সৰু-ডাঙৰ । প্ৰেমে নামানে বাধাৰ প্ৰাচীৰ । প্ৰেমে নামানে জাতি-কুল । প্ৰেমে নামানে ধৰ্মৰ ভেদাভেদ, প্ৰেমে নামানে সীমাৰ পৰিধি । প্ৰেম শ্বাশত, প্ৰেম হৈছে অন্তঃসলীলা । এইবোৰ হৈছে প্ৰেমৰ সাধাৰণ সংজ্ঞা, প্ৰেমৰ ব্যাখ্যা । কিন্তু এইবোৰৰ বাদেও প্ৰেমে কেতিয়াবা নিজৰ মতে ৰং লয়, নিজৰ মতে গতি কৰে, নিজৰ মতেই সম্পৰ্ক বাছি লয় । বিপৰীত লিংগৰ মাজত প্ৰেমৰ সম্পৰ্ক ওপৰত উল্লিখিত সকলোতে এক স্বাভাৱিক ঘটনা ।

কিন্তু সমলিংগীয় প্ৰেম হৈছে এক ব্যতিক্ৰম । পুৰুষে পুৰুষৰ লগত প্ৰেমত পৰা বা নাৰীয়ে নাৰীৰ সৈতে প্ৰেম সাগৰত ডুব যোৱাটো এক বিৰল ঘটনা বুলিয়েই ক'ব পাৰি । অৱশ্যে এনে ঘটনা এতিয়া বিদেশৰ লগতে দেশতো মাজে সময়ে ঘটি থকা শুনিবলৈ, জানিবলৈ পোৱা যায় । কিন্তু অসম মুলুকত (exceptional love story in Assam) ? নিশ্চয়কৈ এয়া আমাৰ ৰাজ্যৰ বাবে এক চকু থৰ লাগিবলগা, অবাক হ'বলগা ঘটনা । তাতে আকৌ দুগৰাকী নাৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক ! হয়, এনে এক নাভূত-নাশ্ৰুত ঘটনাই ঘটিছে চিৰাঙত । এক কথাত ক'বলৈ গ'লে যেন প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল (exceptional love story of Chirang) ।

চিৰাঙত 'আজব প্ৰেম কি গজব কাহানি' । চিৰাঙত দুগৰাকী মহিলাই পৰস্পৰৰ প্ৰেমত পৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । চিৰাঙত সংঘটিত এই নাভূত-নাশ্ৰুত কাণ্ডই অবাক কৰিছে সকলোকে । লগতে চিৰাঙৰ দুই মহিলাৰ এই ব্যতিক্ৰমী প্ৰেমলীলাই তীব্ৰ চৰ্চা লাভ কৰিছে অঞ্চলজুৰি (Chirang women falls in love each other) । ঘটনাটো সংঘটিত হৈছে জিলাখনৰ পূব এংকৰবাৰীৰ খালপাৰাত । অঞ্চলটোৰ আঞ্জুমা বেগম নামৰ এগৰাকী বিবাহিতা মহিলা আন এগৰাকী মহিসাৰ প্ৰেমত হাবুডুবু খাইছে । আঞ্জুমা বেগমে মমতাজ বেগম নামৰ মহিলাগৰাকীৰ সৈতে তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ দাবী কৰিছে ।

দুয়ো দুয়োৰে মাজত প্ৰেমত এনেদৰে নিমজ্জিত হৈ পৰিছে যে এতিয়া ইগৰাকীয়ে সিগৰাকীক এৰি থাকিব নোৱাৰে । আনহাতে, দুয়োৰে মিলনত বাধা আৰোপ কৰিলে আত্মহননৰো ভাবুকি পৰ্যন্ত দিছে পৰিয়ালৰ লোকক । এই ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । স্থানীয় লোকৰ ভাষ্য মতে, এই সম্পৰ্ক কোনোপধ্যেই মানি লোৱাটো সম্ভৱ নহয় । চিৰাং জিলাৰ পূব এংকৰবাৰীৰ খালপাৰা গাঁৱত সংঘটিত এই আজব প্ৰেমৰ ঘটনাত একপ্ৰকাৰ ক্ষোভিতও হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

উল্লেখ্য, গাঁওখনৰ এগৰাকী বিবাহিতা মহিলা হৈছে আঞ্জুমা বেগম । আনহাতে, তেওঁ এটা সন্তানৰো মাতৃ । কিন্তু আঞ্জুমা বেগমে মমতাজ বেগমৰ সৈতে তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকা বুলি দাবী জনাইছে । লগতে তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ বাবেও প্ৰস্তুত হোৱা বুলি দাবী কৰিছে । যাৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনতে । উল্লেখযোগ্য যে আঞ্জুমা বেগম নামৰ মহিলাগৰাকীৰ এটা সন্তান থকাৰ লগতে তেওঁৰ স্বামীও আছে ।

আনহাতে, মমতাজ বেগমৰ স্বামীৰ পূৰ্বতেই মৃত্যু হৈছে । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আঞ্জুমা বেগমৰ দাবী যদি সমাজে মানি লয় তেন্তে তেওঁৰ স্বামীয়ে তেওঁলোকৰ বিয়াত সন্মতি দিব বুলি জনাইছে । কিন্তু ইয়াৰ বিপৰীতে স্থানীয় লোকৰ ভাষ্য, এয়া কোনো পধ্যেই সম্ভৱ নহয় । এই ঘটনাটোক কেন্দ্ৰ কৰিয়ে সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।

লগতে পঢ়ক :Increase in human trafficking on trains: ৰে’লৱে এলেকাত বিগত বৰ্ষত উদ্ধাৰ বহুকেইগৰাকী মহিলা আৰু শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.