ETV Bharat / state

চিৰাঙৰ দংশীয়াপাৰাত নিশা বন্যহস্তীৰ তাণ্ডৱ - চিৰাং

হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে চিৰাঙত ৷ চিৰাঙৰ দংশীয়াপাৰাত বনৰীয়া হাতীৰ জাকে নিশা সন্ত্ৰাস চলায় কেইবাজনো লোকৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ৷

Chirang Wild elephant in village
চিৰাঙৰ দংশীয়াপাৰাত নিশা বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Dec 17, 2020, 12:39 PM IST

চিৰাং, 17 ডিচেম্বৰ: ৰাজ্যত ক্ৰমাত জটিল ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে ৷ চিৰাঙৰ দংশীয়াপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ সঘনাই অঞ্চলটোত এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহি শ শ বিঘা কৃষি ভূমি গচকি-খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে ৷ বিগত কিছুদিন ধৰি দিনে নিশাই বিচৰণ কৰি আছে তিনি চাৰিজনীয়া বন্যহস্তীৰ জাকেটোৱে ৷ সম্প্ৰতি চৰম আতংকতৰ মাজৰে দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে ৷

Chirang Wild elephant in village
চিৰাঙৰ দংশীয়াপাৰাত নিশা বন্যহস্তীৰ তাণ্ডৱ

তাৰ মাজতে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কুকলুং বনাঞ্চলৰ ১নং দংশীয়া পাৰা গাঁৱত বনৰীয়া হাতীৰ জাকে মাজ নিশা সন্ত্ৰাস চলাই ছাইফুল ইছলাম, শুকুৰ আলী আৰু আফজাল আলীৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত স্থানীয় লোক আহত হোৱাৰ লগতে নিহত হোৱাৰ ঘটনাও সংঘটিত হৈছে ৷ এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক: আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.