চিৰাং,26 এপ্ৰিলঃ চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ভৱানিপুৰত বন গৰুৰ সন্ত্ৰাস ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বন গৰুৱে চলায় সন্ত্ৰাস ৷ গাঁও খনৰ ইচমাইল আলী নামৰ লোকজনে নিজৰ খেতিত কাম কৰি থকা অৱস্থাত পিচপিনৰ পৰা আহি অতৰ্কিতে আক্ৰমণ চলায় বন গৰুটোৱে ৷ ফলত আঘাটপ্ৰাপ্ত হয় ইচমাইল ৷ আনহাতে,লক ডাউনৰ বাবে চিকিৎসালয়লৈ যাব পৰা নাই আঘাতপ্ৰাপ্ত খেতিয়ক গৰাকী ৷
ইতিমধ্যে,গাঁওখনত বনবিভাগৰ লোক উপস্থিত হৈ গৰুটোক নিৰীক্ষণ কৰি আছে ৷ যাতে আন কোনো লোক গৰুটোৰ আক্ৰমণৰ বলি হ’বলগীয়া নহয় ৷ উল্লেখ্য যে,মানাহৰ পৰা প্ৰায়েই ওলাই অহা বন গৰু আৰু বনৰীয়া হাতীৰ আক্ৰমণত চিৰাং জিলাৰ কেইবাজনো লোক আহত আৰু নিহত হৈছে ৷