চিৰাং, 5 মাৰ্চঃ বৃহস্পতিবাৰে চিৰাঙৰ বামুনগাঁৱত অনুষ্ঠিত হয় ইউপিপিএল দলৰ চিৰাং ব্লক কমিটিৰ মহিলা কৰ্মী সন্মিলন। চিৰাং ব্লক কমিটী ইউপিপিএলৰ সভানেত্ৰী ছনিমা নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কংগ্ৰেছ আৰু বিপিএফৰ শতাধিক মহিলাই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। এই কৰ্মী সন্মিলনত ইউ পিপি এল দলৰ সাধাৰন সম্পাদক তথা ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ সদস্য(এমচিএলএ) মাউতি ব্ৰহ্ম হাজোৱাৰী, ইউপিপিএল দলৰ মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী বীনা গয়াৰী, ইউ পিপিএল দলৰ উপ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, যুৱ ইউপিপিএলৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰী সহ কেবাহেজাৰ পুৰুষ মহিলা উপস্থিত থাকে ।
ইউপিপিএলৰ সাধাৰণ সম্পাদক তথা ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ এমচিএলএ মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে মহিলা কৰ্মী সন্মিলনত কয় যে, বিগত সময়ছোৱাত বিপিএফ দলৰ ভ্ৰষ্টাচাৰ আৰু দাদাগিৰিত বিটিচিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল অতিষ্ঠ হৈ পৰিছে । ইয়াৰ মাজতে বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱা পাছৰে পৰা সকলো দিশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলে ইউ পি পি এল দলত যোগদান কৰিছে । সকলোৱে বিটিচিৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে । সেয়ে ইউপিপিএলৰ পৰা বিটিচিৰ ৪০ টা সমষ্টিতেই প্ৰাৰ্থি আগবঢ়াম বুলি মন্তব্য কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷