চিৰাং, 2 অক্টোবৰ : বিটিচিত বিগত ১৭ বছৰে বিপিএফ দলে কৰা অগাধ দুৰ্নীতিৰ তদন্তৰ দাবীত ইউপিপিএল দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। জিলাখনৰ কাশিকত্ৰা, কাজলগাঁও, বিজনীকে আদি কৰি প্ৰতিটো পৰিষদীয় সমষ্টি ভিত্তিক ব্লক কমিটী সমূহত এইদৰেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ বিটিচিৰ প্ৰতিটো বিভাগতে সংঘটিত হোৱা দুৰ্নীতিৰ চিবিআই তদন্তৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী সোণোৱাললৈ স্মাৰক প্ৰদান কৰে ৷
জিলাখনৰ কাশিকত্ৰাত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইউপিপিএলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে কয় যে, কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে বিপিএফ দলে । গতিকে এই সমূহ দুৰ্নীতিৰ তদন্ত হ'ব লাগে । হাজোৱাৰীয়ে লগতে কয় যে, সাংসদ নৱ শৰণীয়াই হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক একে শাৰীত লৈ সমালোচনা কৰাটো অতিকে দুৰ্ভাগ্যজনক । হাগ্ৰামা মহিলাৰীয়ে বিগত ১৭ বছৰ বিটিচি চলালে আৰু প্ৰমোদ বড়ো ছাত্ৰ সংগঠনৰ পৰা আহি মাত্ৰ ইউপিপিএল দলত যোগদান কৰিছে । গতিকে আগন্তক দিনত বিটিচিক দুৰ্নীতি মুক্ত কৰাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ।
![chirang-uppl-protest-against-corruption](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangupplprotestagainstcorruption-vis-10012_02102020135337_0210f_1601627017_311.jpg)
আজিৰ দিনত বিটিচিত মূল দুটা দল ক্ৰমে বিপিএফ আৰু ইউপিপিএল দলে আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰি আছে । বিপিএফে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে । আনহাতে, বিগত ১৭ টা বছৰে বিপিএফৰ দুৰ্নীতিৰ তদন্তৰ দাবীত আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছে । বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনা চলি থকাৰ মাজতে এইদৰে বিটিচিৰ দুয়োটা প্ৰধান দলেই পৃথক পৃথক দাবীত চলাই গৈছে আন্দোলন কাৰ্যসূচী ৷
লগতে পঢ়ক : জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী মোদীৰ