ETV Bharat / state

চিৰাঙত UPPLৰ সম্পাদক ছাইবুল ইছলামৰ সম্বোধন সংবাদমেল

author img

By

Published : Dec 3, 2020, 3:49 PM IST

ইউপিপিএল দলৰ সংখ‍্যালঘু কোষৰ সম্পাদক আৰু চাহ জনগোষ্ঠী গোটৰ সম্পাদক পদত‍্যাগ সন্দৰ্ভত ইউপিপিএল দলৰ প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত চিৰাঙৰ কাজলগাঁৱত এখন সংবাদমেল সম্বোধন কৰে ইউপিপিএলৰ সম্পাদক ছাইবুল ইছলামে ৷

Chirang UPPL press meet
চিৰাঙত UPPLৰ সম্পাদক ছাইবুল ইছলামৰ সম্বোধন সংবাদমেল

চিৰাং,3ডিচেম্বৰ: চিৰাঙৰ কাজলগাঁৱৰ ইউপিপিএল কাৰ্যালয়ত ইউপিপিএলৰ সংবাদমেল ৷ সংবাদমেলত ইউপিপিএলৰ সম্পাদক ছাইবুল ইছলামে কয় যে, ইউপিপিএলৰ সংখ্যালঘু কোষৰ সম্পাদক ৰফিকুল ইছলাম কোৰেশি নামৰ যুৱক জনে বুধবাৰে কোকৰাঝাৰত সংবাদমেল অনুষ্ঠিত কৰি দলটোৰ বিৰুদ্ধে ভিত্তীহীন অভিযোগ আনি পদত্যাগৰ কথা কৈছে । প্ৰকৃততে বিপিএফৰ প্ৰৰোচনাত পৰি যুৱকজনে এই কাৰ্য সংঘটিত কৰে বুলি অভিযোগ উত্থাপন কৰে সম্পাদক গৰাকীয়ে ৷

ইয়াৰ লগতে, সংবাদমেলত ইছলামে কয়, কোৰেশীয়ে এবাৰ এআইইউডিএফ, এবাৰ বিপিএফ আৰু এবাৰ ইউপিপিএলত যোগদান কৰিছে ৷ এনেদৰে দল বাগৰা ব্যক্তি হৈছে কোৰেশী ৷ কোৰেশীয়ে ইউপিপিএল দলে সন্মান সহকাৰে দলটোৰ সংখ্যালঘু কোষৰ সম্পাদকৰ পদৰ দায়িত্ব লৈছিল । এনে ধৰণৰ লোকে নিজৰ দলীয় স্থিতি ধৰি ৰাখিব নোৱাৰে । যাৰ বাবে কোৰেশী দল ত্যাগ কৰিলেও কোনো ক্ষতি নহয় বুলি প্ৰকাশ কৰে ছাইবুল ইছলামে ৷

একেদৰে চাহ জনগোষ্ঠী গোটৰ সম্পাদক ৰোমিঅ' এক্কাও পদত্যাগ কৰি বিপিএফৰ হৈ কাম কৰিব বুলিও জানিব পৰা গৈছে বুলি জনায় ইছলামে ।

সংবাদমেলত ইউপিপিএলৰ সংখ্যালঘু কোষৰ সাংগঠনিক সম্পাদক ৰজব আলীয়ে কয় যে, দল বাগৰা ৰফিকুল ইছলামে ইতিমধ্যে কেইবাটাও দলত যোগদান কৰি আকৌ ওলাই আহিছে । গতিকে তেওঁ ইউপিপিএল দলৰ ত্যাগ কৰাটো দলটোৰ বাবে ভালহে হৈছে বুলি কয় ।

অন্য এক খবৰৰ বাবে: তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.