চিৰাং, 17 মাৰ্চঃ চিৰাঙৰ ছাপাগুৰীৰ বেংতলগেট আৰু জিলা সদৰ কাজলগাঁওৰ ইউপিপিএল কাৰ্যালয়ত ইউপিপিএল দলৰ কাৰ্যালয়ত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ । দুটাকৈ কাৰ্যালয় জ্বলালে দুৰ্বৃত্তই । সোমবাৰে নিশা ৬/৭ জনীয়া দলে AS-26-2800 নম্বৰৰ বলেৰ’ গাড়ীৰে আহি প্ৰথমে ছাপাগুৰী বেংতলগেটৰ ইউপিপিএল কাৰ্যালয়ত অগ্নিসংযোগ কৰে আৰু তাৰ পিছতে জিলা সদৰ কাজলগাঁওৰ ইউপিপিএল দলৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে বুলি দলটোৱে অভিযোগ উত্থাপন কৰে । ইউপিপিএল দলৰ সন্দেহৰ আঙুলি বিপিএফলৈ । নিৰ্বাচনী অধিসূচনা জাৰি কৰা 11 মাৰ্চৰ নিশা ভিৰানগাঁওত ইউপিপিএল দলৰ নিৰ্বাচনী কাৰ্যালয় জ্বলাই দিয়ে । সোমবাৰে নিশা আকৌ দুটাকৈ কাৰ্যালয় জ্বলোৱাৰ ঘটনা সংঘটিত হয় । এই ঘটনাই এতিয়া সমগ্ৰ চিৰাঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়কঃ দেৱৰগাঁও সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল