ETV Bharat / state

আগন্তুক বিটিচি নিৰ্বাচনত ইউ পি পি এলৰ চৰকাৰ গঠন কৰাৰ দাবী ৰণগৌৰা নাৰ্জাৰীৰ

author img

By

Published : Feb 20, 2020, 11:33 PM IST

বি টি আৰ চুক্তিত স্বাক্ষৰকাৰীসকলক ঐক্যবদ্ধভাৱে থাকি কাম কৰাৰ আহ্বান ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌৰা ব্ৰহ্মৰ ৷

Chirang UPPL Meeting target BTC election
আগন্তুক বিটিচি নিৰ্বাচনত ইউ পি পি এলৰ চৰকাৰ গঠন কৰাৰ দাবী ৰণগৌৰা নাৰ্জাৰীৰ

চিৰাং, 20 ফেব্ৰুৱাৰী : চিৰাং জিলাৰ কাজলগাঁও বজাৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে ইউ পি পি এলৰ চিৰাং ব্লক কমিটীৰ অভিৱৰ্তন অনুষ্ঠিত হয় । অভিৱৰ্তনত জিলাখনৰ বিভিন্ন দলৰ পৰা এহেজাৰ লোকে যোগদান কৰে ইউ পি পি এল দলত । আগন্তুক 21 আৰু 22 ফেব্ৰুৱাৰীত চিৰাং জিলাৰ বিজনীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ইউ পি পি এল দলৰ কেন্দ্ৰীয় অধিৱেশন ।

অনুষ্ঠানত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌৰা ব্ৰহ্ম, উপ সভাপতি তথা বিটিচি পৰিষদীয় কাজলগাঁও সমষ্টিৰ এম চি এল এ ৰণগৌৰা নাৰ্জাৰী উপস্থিত থাকে । ভাষণ প্ৰসংগত ইউ পি পি এলৰ কেন্দ্ৰীয় সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই প্ৰমোদ ব্ৰহ্মৰ লগতে বি টি আৰ চুক্তি স্বাক্ষৰ কৰা লোকসকলৰ উপৰি এন ডি এফ বি আৰু এবছুৰ পৰা অব্যাহতি সকলোলোকে ইউ পি পি এল দলত যোগদান কৰিব বুলি আশা প্ৰকাশ কৰে । তেওঁ বি টি আৰ চুক্তি সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কৰি অহা বিভিন্ন মন্তব্যৰ সন্দৰ্ভত মহিলাৰীক তীক্ষ্ম ভাষাৰে সমালোচনা কৰি কয় যে মহিলাৰীয়ে নিজে চুক্তিখনক আদৰণি জনাইছিল আৰু এতিয়া ঋণাত্মক মন্তব্য দিছে । কিন্ত চুক্তিখনৰ বিষয়ে ভালদৰে চোৱাচিতা কৰাত তেওঁৰো দ্বায়িত্ব আছে । এই চুক্তিত কি পালে বা নাপালে সেই বিষয়ে ভালদৰে পৰ্যবেক্ষণ কৰি ধনাত্মক দিশত আগবাঢ়িব লাগে । তেওঁ নিজৰ নিম্নতম দায়িত্বটো ভালদৰে পালন কৰা নাই । উৰ্খাউ গৌৰা ব্ৰহ্মই হাগ্ৰামা মহিলাৰীক উদাৰ মনোভাৱ লৈ কাম কৰাৰ বাবে আহ্বান জনায় । তেওঁ লগতে কয় যে চুক্তি স্বাক্ষৰকাৰীসকলে নিজৰ চিন্তাধাৰা লৈহে ৰাজনৈতিক দিশত আগবাঢ়িব । তেওঁ লগতে চুক্তি স্বাক্ষৰকাৰীসকলক ঐক্যবদ্ধভাৱে থাকি কাম কৰাৰ বাবে আহ্বান জনায় ।

তেওঁ লগতে বিটিচি নিৰ্বাচনত বিজেপি দলৰ স্থিতিৰ সন্দৰ্ভত কয় যে বিজেপি দলে কি কৰে সেয়া তেওঁলোকৰ কথা । কিন্ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰীসকলৰ সৈতে থাকি বি টি আৰ চুক্তি কৰিলে যেতিয়া চুক্তি ৰূপায়নৰ দায়িত্বও চৰকাৰৰ । আমি তেওঁলোকৰ সৈতে বন্ধুত্ব থাকিব লাগিব । কিন্ত আমি তেওঁলোকৰ সৈতে থকাত অসুবিধা আছে কাৰণ বিজেপি দলৰ বি পি এফ দলৰ লগত আছে । সেয়া যিয়েই নহওক ইউ পি পি এলৰ দুৱাৰ সদায় খোলা আছে যিকোনো দলেই মিত্ৰতাৰ বাবে আলোচনালৈ আহিব পাৰে ।

আনহাতে সভাত উপস্থিত থাকি ইউ পি পি এলৰ উপ সভাপতি তথা বিটিচি পৰিষদীয় কাজলগাঁও সমষ্টিৰ এম চি এল এ ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে বিটিচি নিৰ্বাচন আগন্তুক এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব । আমি ইউ পি পি এল দলে বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে সকলো প্ৰস্থুতি সম্পূৰ্ণ কৰি তুলিছো । চিৰাং জিলা তথা কাজলগাঁও পৰিষদীয় সমষ্টিত দলৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । আজি আমি বিস্তৃতভাৱে আলোচনা কৰিছো । আজি ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী তথা বিভিন্ন দলৰ পৰা এহেজাৰ জন লোকে ইউ পি পি এল দলত যোগদান কৰিছে । নাৰ্জাৰীয়ে লগতে কয় যে বিটিচিৰ 40 টা সমষ্টিতে আমি প্ৰাৰ্থী আগবঢ়াম । বি টি চিৰ চৰকাৰ পুৰণি হ'ল, বি টি চি বি টি আৰ হ'ল, ৰাইজে বিচাৰিছে পুৰণি গৈ নতুন চৰকাৰ হওক । বি টি আৰত নতুন চৰকাৰ বিচাৰিছে ৰাইজে । চুক্তিৰ দফাবোৰ ৰূপায়নৰ ক্ষেত্ৰত চুক্তিকাৰীসকলে কাম কৰিব । ইয়াত বিকল্প মাথো ইউ পি পি এল দলহে আছে । বি পি এফ দলৰ দীৰ্ঘদিনীয়া দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, দাদাগিৰি আদিৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে । সেয়ে অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ লোকে পৰিৱৰ্তন বিচাৰি ইউ পি পি এল দলক আকোঁৱালি লৈছে । তেওঁ বি টি চিত আগন্তক দিনত ইউ পি পি এলৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰি কয় । তেওঁ লগতে চুক্তিস্বাক্ষৰকাৰী বা অইন কোনো দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত অহা 21 আৰু 22 ফেব্ৰুৱাৰীত চিৰাঙত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ লগতে মিত্ৰতাৰ বাবে বি পি এফৰ লগতে সকলো বিৰোধী দল সংগঠনৰ কাৰণে ইউ পি পি এলৰ দুৱাৰ খোলা থাকিব বুলি জানিবলৈ দিয়ে । নাৰ্জাৰীয়ে চুক্তি স্বাক্ষৰকাৰীসকলৰ সৈতে দলৰ আলোচনা হোৱাৰ কথা উল্লেখ কৰি কিছুমানে সঁহাৰি দিয়াৰ কথাও ব্যক্ত কৰে ৷

লগতে পঢ়ক :

কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীলৈ অনা হ'ল ছাৰ্জিল ইমামক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.