ETV Bharat / state

চিৰাঙত ইউপিপিএলৰ সজাগতা পদযাত্ৰা

author img

By

Published : Nov 2, 2020, 7:44 PM IST

চিৰাঙৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ পদ্মপুৰত ইউপিপিএল দলৰ নিৰ্বাচনী সজাগতা পদযাত্ৰা ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে ৰণগৌৰা নাৰ্জাৰীয়ে ।

Chirang UPPL election Walking awareness
চিৰাঙত ইউপিপিএলৰ সজাগতা পদযাত্ৰা

চিৰাং,2নৱেম্বৰ : সমাগত বিটিচি নিৰ্বাচনক লৈ তুংগত উঠিছে বিটিচিৰ ৰাজনীতি ৷ বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিজ-নিজ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ প্ৰচাৰ অভিযান তৎপৰতাৰে আৰম্ভ কৰিছে ৷ আজি চিৰাঙৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টি অন্তৰ্গত পদ্মপুৰ পৰা বিলাসপুৰ লৈকে ইউপিপিএল দলে এক নিৰ্বাচনী সজাগতা আৰু পদযাত্ৰা সমদল উলিয়াই । সমষ্টিটোৰ ইউ পিপিএল দলৰ প্ৰাৰ্থী তথা দলটোৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে পদযাত্ৰাৰ শুভাৰম্ভণি কৰি ভোটাৰ সকলৰ সৈতে প্ৰায় পাঁচ কিলোমিটাৰ অঞ্চল খোজকাঢ়ে ।

Chirang UPPL election Walking awareness
চিৰাঙত ইউপিপিএলৰ সজাগতা পদযাত্ৰা

ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে, ৰাইজে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থতে দলে বলে ওলাই আহি এইদৰে পদযাত্ৰাত অংশগ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা বুজা যায় যে ৰাইজৰ আস্থা আছে ইউপিপিএল দলৰ প্ৰতি আৰু সেয়ে এইদৰে দলটোক সমৰ্থন কৰি ৰদৰ মাজতে পাঁচ কিলোমিটাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছে ।

Chirang UPPL election Walking awareness
চিৰাঙত ইউপিপিএলৰ সজাগতা পদযাত্ৰা

বিগত ১৫ বছৰ বিপিএফে কোনো কামেই নকৰিলে । যি কৰিছে সেয়া ভোটাৰ ৰাইজে প্ৰত্যক্ষ কৰিছে । গতিকে এইবাৰ বিপিএফৰ ভেটি উছন হ'ব বুলি নাৰ্জাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ বিটিআৰত ভূমিপাট্টা প্ৰদান আৰু নাগৰিক সকলৰ বিভিন্ন সমস্যা সমাধান কৰি সু-শাসন প্ৰতিষ্ঠা কৰা হ'ব বুলি পদযাত্ৰাত উল্লেখ কৰে নাৰ্জাৰীয়ে ।

অন্য এক খবৰৰ বাবে: গোলাঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.