ETV Bharat / state

হাকোৱা নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ দুই ছাত্ৰ - ৰানীঘাট বিট কাৰ্যালয়

সোমবাৰে বিয়লি ২ বজাত সংঘটিত হৈছে এই ঘটনা । এতিয়ালৈ উদ্ধাৰ অভিযান চলাই আছে অভিযানকাৰী দলে । ইতিমধ‍্যে মৃত অৱস্থাত নোৱাপাৰাৰ ধৃতিৰাজ দৈমাৰীৰ (১৮) মৃতদেহ উদ্ধাৰ কৰিছে যদিও বড়ো বাজাৰৰ সঞ্জয় বসুমতাৰী(১৭) উদ্ধাৰ হোৱা নাই ।

Chirang two student death in river
হাকোৱা নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ দুই ছাত্ৰ
author img

By

Published : Aug 24, 2020, 9:01 PM IST

চিৰাং, 24 আগষ্ট : চিৰাঙত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । চিৰাং জিলাৰ পানবাৰীৰ হাকোৱা নৈত গা ধুবলৈ গৈ সোমবাৰে নিৰুদ্দেশ হয় দুই ছাত্ৰ । পানবাৰীৰ ৰাণীঘাটত ভোজ খাবলৈ আহিছিল দহ জনীয়া ছাত্ৰৰ দলটো । এই স্থানৰ পৰ্যটনস্থলী সম্প্ৰতি বন্ধ আছিল আৰু এনে সময়ত দহ জনকৈ ছাত্ৰ কি দৰে উক্ত ঠাইত ভোজ খাবলৈ যোৱাৰ সুবিধা পালে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে । যিহেতু পানবাৰী বন বিভাগৰ ৰানীঘাট বিট কাৰ্যালয়ৰ নিচেই কাষতে এই ঠাই । বন বিভাগে এই ক্ষেত্ৰত ছাত্ৰৰ দলটোক কিয় বাধা প্ৰদান নকৰিলে ? এই লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল‍্যৰ।

Chirang two student death in river
হাকোৱা নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ দুই ছাত্ৰ

বিজনী বড়োবাজাৰ গাঁওৰ সুকুমাৰ বসুমতাৰীৰ পুত্ৰ সঞ্জয় বসুমতাৰী(১৭) আৰু নোৱাপাৰা গাঁৱৰ কেৰল দৈমাৰীৰ পুতেক ধৃতিৰাজ দৈমাৰী(১৮) । দুয়োজনেই উচ্চতৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল । গা ধুই থাকোতে দুয়ো বেছি পানীত নামি যোৱাত ডুবি থকা দেখি লগৰ ছাত্ৰ সকলে বচাবলৈ বহু চেষ্টা কৰা বুলি জনায় । তেওঁলোকে বহু চেষ্টা কৰিও বচাব নোৱাৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে-লগে পানবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজ আৰু পানবাৰী বন বিভাগৰ সহযোগত নিৰুদ্দেশ হোৱা ছাত্ৰ দুজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।

সোমবাৰে বিয়লি ২ বজাত সংঘটিত হৈছে এই ঘটনা । এতিয়ালৈ উদ্ধাৰ অভিযান চলাই আছে অভিযানকাৰী দলে । ইতিমধ‍্যে মৃত অৱস্থাত নোৱাপাৰাৰ ধৃতিৰাজ দৈমাৰীৰ (১৮) মৃতদেহ উদ্ধাৰ কৰিছে যদিও বড়ো বাজাৰৰ সঞ্জয় বসুমতাৰী(১৭) উদ্ধাৰ হোৱা নাই ।

লগতে পঢ়ক : আৰক্ষীৰ জালত ধৃত মটৰচাইকেল চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.