ETV Bharat / state

চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত - মাৰণাস্ত্ৰ সহ দুই ডকাইত গ্ৰেপ্তাৰ

চিৰাঙৰ চিদলীত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ সহ দুই ডকাইত গ্ৰেপ্তাৰ । আগন্তক গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ জিলাখনত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলা হৈছে ৷ এই কথা জানিবলৈ দিয়ে চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে ৷

চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত
চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত
author img

By

Published : Jan 23, 2020, 11:45 PM IST

চিৰাং, 23 জানুৱাৰীঃ চিৰাঙৰ চিদলীত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই ডকাইত ৷ গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ জিলাখনত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ যোৱা নিশা জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চলোৱা এক অভিযানত নাইন এমএম পিষ্টল, এটা মেগাজিন, চাৰিটা সজিৱ গুলী আৰু দুটা ম’বাইল ফোনৰ সৈতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা যুৱক জনৰ নাম ৰিংসাৰ দৈমাৰী ওৰফে জুদাশ ওৰফে ৰাহুল ওৰফে মিথুআল (২২) বুলি জনায় আৰক্ষীয়ে ।

আটক কৰা যুৱক জনক সোধ-পোচ কৰাত কোকৰাঝাৰৰ দোতমাৰ পৰা চাৰি চকীয়া এখন এএচ 01 বিএইচ 5892 নম্বৰৰ ৱাগনাৰ বাহনৰ লগতে অলম্বাৰ বসুমাতাৰী নামৰ আন এজন যুৱকক দুটা ম’বাইলৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ৷

চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত

উল্লেখ্য যে, কেইদিনপূৰ্বে ডকাইতৰ এটা দলে চিৰাং জিলাৰ বিজনীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা ৱাগনাৰ বাহন এখন ভাড়াত লৈছিল । তাৰ পিছতে বাহনৰ চালকৰ চকুত কাপোৰ বান্ধি আৰু হাত ভৰি বান্ধি চিদলী থানাৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এৰি দিয়ে আৰু ডকাইতে বাহনখন লৈ পলায়ন কৰে । তাৰ পিছতে বাহন চালকে চিদলী থানাত এখন গোচৰ ৰুজু কৰিছিল আৰু সেই মতে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চিদলী থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 392 ধাৰাত 63/2019 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰে । তাৰ পিচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।

উক্ত গোচৰৰ তদন্ত মৰ্মেই চিদলী আৰক্ষীয়ে বৃহস্পতিবাৰে দুজনলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু লোক দুজনৰ বিৰুদ্ধে ০৩/২০২০ নম্বৰ ভাৰতীয় দণ্ডবিধিৰ ২৫(১-বি) অস্ত্ৰ আইনত গোচৰ পঞ্জীয়ন কৰে ।

Intro:চিৰাঙত মাৰনাস্ত্ৰ সহ দুজন ডকাইত গ্ৰেপ্তাৰ চিদলী আৰক্ষীৰ। গাড়ী ভাৰাতলৈ ডকাইতি কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথত । 

Body: চিৰাঙৰ চিদলীত আৰক্ষীৰ অভিযানত মাৰনাস্ত্ৰ সহ দুই ডকাইত গ্ৰেপ্তাৰ। চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে আগন্তক গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ জিলাখনত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । সেই অনুসৰি যোৱা নিশা জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চলোৱা এক অভিযানত নাইন এমএম পিস্তল, এটা মেগাজিন, চাৰিটা সজিৱ গুলি আৰু দুটা মবাইল ফোনৰ সৈতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা যুৱক জনৰ নাম ৰিংসাৰ দৈমাৰী ওৰফে জুদাশ ওৰফে ৰাহুল ওৰফে মিথুআল (২২) বুলি জনায় আৰক্ষীয়ে।  আটক কৰা যুৱক জনক সোধপোচ কৰাত কোকৰাঝাৰৰ দোতমাৰ পৰা  চাৰি চকীয়া এএচ ০১ বিএইচ ৫৮৯২ নম্বৰৰ ৱাগন আৰ বাহনখন উদ্ধাৰ কৰে আৰু লগতে অলম্বাৰ বসুমাতাৰী নামৰ আন এজন যুৱকক দুটা মবাইলৰ সৈতে আটক কৰিব'লৈ সক্ষম হয় আৰক্ষীয়ে। এইখিনিতে উল্লেখ্য যে কেইদিনমান আগতে ডকাইতৰ এটা দলে চিৰাং জিলাৰ বিজনীৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩১ নম্বৰৰ পৰা ৱাগন আৰ বাহনখন ভাৰাত লৈছিল । তাৰ পিছতে বাহন চালকৰ চকুত কাপোৰ বান্ধি আৰু হাত ভৰি বান্ধি চিদলী থানান্তৰ্গত ৩১ নং চি  ৰাষ্ট্ৰীয় ঘাইপথত এৰি দিয়ে আৰু ডকাইতে বাহন খন লৈ পলাই যায় । তাৰ পিছতে  বাহন চালকে চিদলী থানাত এখন গোচৰ ৰুজু কৰিছিল আৰু সেই মতে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চিদলী থানাত এই সন্দৰ্ভত ৬৩/২০১৯ নম্বৰৰ গোচৰ পঞ্জিয়ন কৰিছিল ভাৰতীয় দণ্ডবিধিৰ ৩৯২ ধাৰাত। তাৰ পিচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল । উক্ত গোচৰৰ তদন্ত মৰ্মেই চিদলী আৰক্ষীয়ে আজি এই দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু  লোক দুজনৰ বিৰুদ্ধে ০৩/২০২০ নম্বৰ গোচৰ পঞ্জিয়ন কৰিছে ভাৰতীয় দণ্ডবিধিৰ ২৫(১-বি) অস্ত্ৰ আইনত । আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

বাইট : সুধাকৰ সিং, আৰক্ষী অধিক্ষক চিৰাং

Conclusion:শেষতীয়াকৈ ৰাষ্ট্ৰীয় ঘাই পথত এই ধৰনৰ ডকাইতিৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সেয়ে চিৰাং জিলাত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাই পথত এই ধৰনৰ ডকাইতিৰ ঘটনা ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.