ETV Bharat / state

চিৰাঙত বন বিভাগৰ জালত চোৰাং চিকাৰী - মানাহ ৰাষ্ট্ৰীয় উদ্যান

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং বনাঞ্চলৰ ভিতৰত চাৰিটাকৈ বন্দুক আৰু তিনিটা কাছসহ দুটা চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দল ।

চিৰাঙত বন বিভাগৰ জালত গভাইট চোৰাং চিকাৰী

author img

By

Published : Aug 3, 2021, 10:43 PM IST

চিৰাং, 3 আগষ্ট : চিৰাঙত (Chirang) চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । ভাৰত-ভূটান সীমান্তৰ ১৮২/৩ ছেক্টৰত এই অভিযান বন বিভাগৰ । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং বনাঞ্চলৰ ভিতৰত চাৰিটাকৈ বন্দুক আৰু তিনিটা দুষ্প্ৰাপ্য কাছসহ দুটা চিকাৰী (poacher) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটো । অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা চিকাৰী দুটা সীমান্তৰ ১নং দৰঙাৰ গেলেণ্ডা গয়াৰী আৰু শুক্লেশ্বৰ মুছাহাৰী বুলি জনায় চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।

চিৰাঙত বন বিভাগৰ জালত গভাইট চোৰাং চিকাৰী
চিৰাঙত বন বিভাগৰ জালত চোৰাং চিকাৰী

উল্লেখযোগ্য যে, সোমবাৰে উক্ত বনাঞ্চলখনত ৬ টাকৈ চোৰাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰি বন বিভাগে চলাইছিল অভিযান । সোমবাৰৰ পৰা চলোৱা অভিযানৰ পাছত মঙলবাৰে বন বিভাগে সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ দুটা চোৰাং চিকাৰীক আটক কৰাৰ লগতে আন ৪ টা চিকাৰীক বিচাৰি বন বিভাগে অভিযান অব্যাহত ৰাখিছে বুলিও জনায় বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।

চিৰাঙত বন বিভাগৰ জালত চোৰাং চিকাৰী

লগতে পঢ়কঃ লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ

এই চোৰাংচিকাৰী কেইটা মানাহৰ ভাৰত-ভূটান সীমান্তত হৰিণা পহু চিকাৰ কৰাৰ লগতে হাতী হত্যা কৰি হাতীৰ দাঁত সংগ্ৰহ কৰা আৰু বিভিন্ন জীৱ-জন্তু চিকাৰৰ লগত জড়িত থকা বুলিও জনায় বন বিভাগৰ অভিযানকাৰী দলটোৱে । মন কৰিবলগীয়া যে, মানাহৰ নিকটৱৰ্তী দৰঙা অঞ্চলত প্ৰায়েই চোৰাং চিকাৰীয়ে চিকাৰ কৰাৰ তথ্য লাভ কৰিয়ে বন বিভাগে অভিযান চলাইছিল । অতিকে ভিতৰুৱা এই দৰঙা অঞ্চল এক প্ৰকাৰ চোৰাং চিকাৰীৰ ঘাটিত পৰিণত হৈছে ।

লগতে পঢ়কঃ 60 দশকৰ পৰম্পৰা ধৰি ৰাখিছে চোৰে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.