চিৰাং, 28 জানুৱাৰী : চিৰং জিলাৰ বিজনীৰ বিষ্ণুপুৰত এচএচবিৰ ১৫নং বেটেলিয়নে এক চিকিৎসা শিবিৰ আয়োজন কৰা লগতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে ।
চিৰাং জিলাৰ বিজনী মহকুমাৰ পানবাৰী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ হাই স্কুলত এচএচবিৰ কাজলগাঁৱৰ ১৫ নং বেটেলিয়নে বিষ্ণুপুৰ অঞ্চলটোৰ মুঠ ছয়খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চেনিটাইজাৰ, হাত ধোৱা ডে'টল, পেলনীয়া সামগ্ৰী পেলোৱা ডাষ্টবিন, স্প্ৰে যন্ত্ৰ, মাক্স, খোৱা পানীৰ বাবে ফিল্টাৰ আদি বিভিন্ন ধৰণৰ লাগতিয়াল সামগ্ৰী বিতৰণ কৰে ।
এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত আদি পৰিবেশন কৰে । ইফালে সামৰিক জোৱান সকলে আয়োজন কৰা চিকিৎসা শিবিৰৰ জৰিয়তে বিষ্ণুপুৰবাসী ৰাইজক বিভিন্ন ৰোগৰ চিকিৎসাৰ পৰামৰ্শ দিয়াৰ লগতে ৰাইজৰ মাজত ঔষধ বিতৰণ কৰে ।
এচএচবিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এচএচবিৰ উপ মহা পৰিদৰ্শক এন্থনি থানমী, এচএচবিৰ ১৫ বেটেলিয়নৰ কামাণ্ডেন্ট ডি.বি.সোনাৰ ।
লগতে পঢ়ক: টোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা