ETV Bharat / state

বন বিভাগক টাৰ্গেট কৰি লৈছে NLFB য়ে : এল আৰ বিষ্ণৈ

author img

By

Published : Jul 10, 2021, 4:11 AM IST

চিৰাঙত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা বিটিআৰ আইজিপি(IGP BTR) এল আৰ বিষ্ণৈয়ে সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷ তেওঁ কয় যে, এনএলএফবিয়ে কৰা (NLFB) ষড়যন্ত্ৰৰ তথ্য আৰক্ষীৰ হাতত আহি পৰিছে ৷

Chirang SPCL DGP press meet
বন বিভাগক টাৰ্গেট কৰি লৈছে NLFB য়ে: এল আৰ বিষ্ণই

চিৰাং,9 জুলাই : শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা বিটিআৰ (BTR) আইজিপি(IGP) এল আৰ বিষ্ণৈৰ সংবাদ মেল । সংবাদ মেলত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে কয় যে, বন বিভাগৰ (forest department) ভিতৰুৱা কিছু কিছু ঠাইৰ কাৰ্যালয়ক টাৰ্গেট কৰি এনএলএফবিয়ে (NLFB) অস্ত্ৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি ফোন টেপিং কৰাৰ তথ্য চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পাৰিছে অসম আৰক্ষীয়ে । এই তথ্য পোৱাৰ লগে লগে স্পৰ্শকাতৰ অঞ্চল সমূহৰ নিৰাপত্তা কটকটীয়া কৰি তোলাৰ কথা জনায় সংবাদ মেলত ।

তেওঁ লগতে কয় যে, সাংসদ নৱ শৰণীয়াই কোৱাৰ দৰে কোনো ঠাইত এনএলএফবিৰ (NLFB) ২০০ সদস্যই প্ৰশিক্ষণ লোৱাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই । উগ্ৰপন্থী সংগঠনৰ যি কোনো তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে অভিযান চলায় । সাংসদ জনৰ হাতত যদি তেনে কোনো তথ্য আছে তেন্তে আৰক্ষীক সহযোগৰ বাবেও আহ্বান জনায় বিষ্ণৈয়ে ।

ওদালগুৰিত ৩১ জন এএনএল এফবিৰ( NNLFB) সদস্য আটক কৰাৰ লগতে বাক্সাত তিনিজন, চিৰাঙত দুজনক আটক কৰা হৈছে । এল আৰ বিষ্ণৈয়ে লগতে কয় যে, মই নাভাৱো এনএলএফবিত ২০০ জন সদস্য আছে বুলি । সম্প্ৰতি সংগঠনটোৰ গতিবিধি অসম আৰক্ষীয়ে পৰ্যৱেক্ষণ কৰি থকাৰ লগতে অভিযানো অব্যাহত ৰাখিছে ।

সংবাদ মেলৰ আৰম্ভণিতে বিষয়া জনে কয় যে, যোৱা দহ দিনত চিৰাঙত ৩০ খন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে চাৰিটাকৈ চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চিৰাং আৰক্ষী । ইয়াৰ পূৰ্বেও দহ দিনত ৩৬ খন বাইক উদ্ধাৰ কৰাৰ লগতে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষী । মুঠতে যোৱা ২০ দিনত ৬৬ খন চুৰি মটৰ চাইকেল উদ্ধাৰৰ লগতে ২৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে চিৰাং আৰক্ষীয়ে ।

বন বিভাগক টাৰ্গেট কৰি লৈছে NLFB য়ে : এল আৰ বিষ্ণৈই

এইবাৰ চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বতে জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, জিলা সদৰ উপ আৰক্ষী অধীক্ষক লব কুমাৰ ডেকা, বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায় আৰু ৰুনিখাতা, ঢালিগাঁও আৰু পানবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলৰ নেতৃত্বত চলা যৌথ অভিযানত আৰক্ষীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি জনায় বিশেষ আৰক্ষী সঞ্চালক প্ৰধানজনে ।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান বিষ্ণৈয়ে কয় যে, গেৰেজৰ মালিক সকলে এই বাইক চুৰি চক্ৰটোক সহায় কৰি আহিছে ৷ যি অতিকৈ চিন্তনীয় বিষয় । চিৰাঙৰ এই সংবাদ মেলত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈৰৰ লগতে চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়, জিলা সদৰ উপ-আৰক্ষী অধীক্ষক লব কুমাৰ ডেকাও উপস্থিত থাকে ।

লগতে পঢ়কঃ জলসিঞ্চন বিভাগৰ এজন পাম্প চালকে সকাহ দিলে এইসকল কৃষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.