ETV Bharat / state

চিৰাঙ আৰু বঙাইগাঁৱত আন্তঃজিলা যাতায়ত বন্ধৰ প্ৰভাৱ - আন্তঃজিলা যাতায়াত বন্ধ

শুকুৰবাৰৰে পৰা কাৰ্যকৰী হোৱা আন্তঃজিলা যাতায়ত বন্ধৰ নিৰ্দেশনাৰ বাবে তৎপৰ হৈছে চিৰাঙ আৰু বঙাইগাঁও জিলা প্ৰশাসন ৷

chirang-sop-inter-dist-communication-barring
আন্তঃজিলা যাতায়াত বন্ধত তৎপৰ হৈ পৰিছে চিৰাঙ আৰু বঙাইগাঁও জিলা প্ৰশাসন
author img

By

Published : May 21, 2021, 1:39 PM IST

চিৰাঙ, 21 মে’ : ৰাজ্য চৰকাৰৰ নিৰ্দেশনা, শুকুৰবাৰৰে পৰা বন্ধ আন্তঃজিলা যাতায়ত ব্যৱস্থা । নিৰ্দেশনা মৰ্মে শুকুৰাবাৰৰে পৰা চিৰাঙ আৰু বঙাইগাঁও জিলাৰ যাতায়তৰ ব্যৱস্থা বন্ধ হৈ পৰিছে । 21 মে’ৰ পৰা ১৫ দিনৰ বাবে অসম চৰকাৰে বন্ধ কৰিছে আন্তঃ জিলা যাতায়ত ব্যৱস্থা ।

আন্তঃজিলা যাতায়াত বন্ধত তৎপৰ হৈ পৰিছে চিৰাঙ আৰু বঙাইগাঁও জিলা প্ৰশাসন

আন্তঃজিলা যাতায়ত বন্ধ ঘোষণা কৰা লগে লগে চিৰাং আৰু বঙাইগাঁৱত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । দুয়োখন জিলাৰ আৰক্ষীয়ে জিলাৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । কেৱল মাত্ৰ জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোক সকলকহে অহা-যোৱাৰ অনুমতি দিছে প্ৰশাসনে । ফলত বন্ধ হৈছে জিলাদুখনৰ মাজত ব্যক্তিগত বাহনৰ লগতে অটোৰ চলাচল ৷

উল্লেখ্য যে, চিৰাং জিলাত বৰ্তমানলৈকে মুঠ 280 গৰাকী লোক মহামাৰী ক’ভিড 19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰে বৰ্তমানলৈকে 61 গৰাকী ৰোগী সক্ৰিয় হৈ আছে আৰু আৰোগ্য লাভ কৰিছে 219 গৰাকীয়ে ৷ ইয়াৰ বিপৰীতে বঙাইগাঁও জিলাত ক’ভিত আক্ৰান্ত হৈছে 1113 গৰাকী লোক ৷ ইয়াৰে সুস্থ হৈছে 834 গৰাকী আৰু সক্ৰিয় হৈ আছে 279 গৰাকী ৰোগী ৷

লগতে পঢ়ক : কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.