ETV Bharat / state

চন্দন ব্ৰহ্মৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিনয় কুমাৰ বসুমতাৰীয়ে

আগন্তুক অসম বিধানসভা নিৰ্বাচনত চিৰাং জিলাৰ ৩১ নং চিদলী (জনজাতীয়) সমষ্টিত বিপিএফৰ চন্দন ব্ৰহ্মক পৰাজিত কৰিবলৈ প্ৰতিদ্বন্দ্বিতা কৰিব সামথাইবাৰীৰ বিনয় কুমাৰ বসুমতাৰীয়ে ।

চন্দন ব্ৰহ্মৰ বিৰুদ্ধে এইবাৰ প্ৰতিদ্বন্দিতা কৰিব বিনয় কুমাৰ বসুমতাৰীয়ে

author img

By

Published : Mar 10, 2021, 3:22 PM IST

চিৰাং,১০ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ কাউণ্ট ডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত আৰু কেইটামান দিনহে বাকী । ইতিমধ্যে প্ৰায়কেইটা ৰাজনৈতিক দলে প্ৰকাশ কৰিছে প্ৰাৰ্থিত্বৰ তালিকা । চিৰাঙৰ ৩১ নং চিদলী জনজাতীয় সমষ্টিতো বৃদ্ধি পাইছে ৰ্নিবাচনী তৎপৰতা । হাই প্ৰফাইল নেতা তথা তিনিবাৰকৈ বিধায়ক হৈ মন্ত্ৰীত্ব লাভ কৰা চন্দন ব্ৰহ্মক পৰাজিত কৰিবলৈ এইবাৰ ৩১ নং চিদলী জনজাতীয় বিধানসভা সমষ্টিত সামঠাইবাৰীৰ বিনয় কুমাৰ বসুমতাৰীৰ দৰে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা ।

বসুমতাৰীৰ একমাত্ৰ লক্ষ্য প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক পৰাস্ত কৰা । প্ৰাক্তন মন্ত্ৰীৰ বিফলতা আৰু মিছা প্ৰতিশ্ৰুতিৰ বাবে বিনয় কুমাৰ বসুমতাৰীয়ে এইবাৰ মন মেলিছে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ । ৩১ নং চিদলী জনজাতীয় সমষ্টিত এইবাৰ নিৰ্বাচনত চন্দন ব্ৰহ্মৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব সেয়া ২ মে’ত স্পষ্ট হ'ব ।

এইবাৰ বিটিআৰত চৰকাৰৰ পৰিৱৰ্তন হৈছে । বিপিএফ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অহা চন্দন ব্ৰহ্মই প্ৰাৰ্থিত্ব পাব নে নাই সেয়াও নিশ্চিত নহয় । কাৰণ বিপিএফ দলে এতিয়ালৈ এই চিদলী সমষ্টিৰ প্ৰাৰ্থীৰ নামেই প্ৰকাশ কৰা নাই । কিন্ত তেওঁক পৰাজিত কৰিবলৈ ইতিমধ্যে বিভিন্নজনে কুট-কৌশল ৰচনা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত জব্দ লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.