চিৰাঙ,13 জানুৱাৰী : চিৰাঙৰ বিজনী বড়োবাজাৰ শিক্ষা খণ্ডৰ অধীনৰ ৩৭৪ নং গৰাইমাৰী জে বি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে আগবঢ়োৱা ইউনিফৰ্ম দলিয়াই পেলালে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে । মহাপ্ৰতাপি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত ছাত্ৰ-ছাত্ৰীৰ পোচাকৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ নিৰ্দেশত প্ৰধান শিক্ষক আৰু ইউনিফৰ্মৰ ঠিকা লাভ কৰা ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ অভিভাৱকৰ ।
ইপিনে বুধবাৰে নিম্মমানৰ ইউনিফৰ্ম যোগান ধৰাক লৈ উত্তপ্ত হৈ পৰে ৩৭৪ নংগৰাইমাৰী জেবি বিদ্যালয়ৰ পৰিৱেশ। ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ্যালয়ত উপস্থিত হৈ দলিয়াই পেলালে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা অতিকে নিম্ন মানৰ ইউনিফৰ্ম সমূহ ।
