ETV Bharat / state

কংগ্ৰেছ-বিপিএফৰ মিত্ৰতাক ভয় কৰে বিটিচিৰ সংখ্যালঘু লোকে: আব্দুল আওৱাল মণ্ডল

author img

By

Published : Mar 26, 2021, 2:04 PM IST

ইউপিপিএল দললৈ চৰ্ত সাপেক্ষ সমৰ্থন বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ । চিৰাঙত সংবাদমেল যোগে এই ঘোষণা সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ।

কংগ্ৰেছ-বিপিএফৰ মিত্ৰতাক ভয় কৰে বিটিচিৰ সংখ্যালঘু লোকে: আব্দুল আওৱাল মণ্ডল
কংগ্ৰেছ-বিপিএফৰ মিত্ৰতাক ভয় কৰে বিটিচিৰ সংখ্যালঘু লোকে: আব্দুল আওৱাল মণ্ডল

চিৰাং,26 মাৰ্চ: বৃহস্পতিবাৰে চিৰাঙৰ ছাপাগুৰিস্থিত হোটেল হিমালয়াত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদে(আৰএমচি) আয়োজন কৰে এক সংবাদমেলৰ । বিপিএফে সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে কোনো ধৰনৰ বিশেষ কাম নকৰিলে বুলি এই সংবাদমেলযোগে অভিযোগ উত্থাপন কৰিছে আব্দুল আৱাল মণ্ডলে ৷

প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে পৰিষদ গঠনৰ পিছত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সঁজাতি দল এটাই বিটিচিৰ সংখ্যালঘু সকলৰ বিভিন্ন দাবী লৈ প্ৰমোদ বড়োক সাক্ষাৎ কৰি স্মাৰক প্ৰদান কৰাৰ কথাও সংবাদমেল যোগে এই কথা সদৰি কৰে আৰএমচিৰ সভাপতি গৰাকীয়ে ৷

প্ৰমোদ বড়োৰ সঁহাৰিত পৰিষদে চৰ্ত সাপেক্ষ এইবাৰ বিধান সভা নিৰ্ব্বাচনত ইউপিপিএল দলক সমৰ্থন জনায় বুলি সংবাদমেলত প্ৰকাশ কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল মণ্ডলে । আনহাতে, কংগ্ৰেছ-বিপিএফৰ মিত্ৰতা দেখিলেই ভয় হয় ৷ কাৰণ বিগত সময়তো কংগ্ৰেছ-বিপিএফৰ মিত্ৰতা আছিল সেই সময়ত মন্ত্ৰী ছিদ্দিক আহমেদ, ৰকিবুল হুচেইনৰ সন্মুখতে বিটিচিৰ সংখ্যালঘু লোকৰ ঘৰ জ্বলোৱা হৈছিল । হত্যা, হিংসা, অপহৰনৰ ঘটনা হৈছিল । গতিকে আমি বিজেপি দলক ভয় কৰি লাভ নাই বুলি মন্তব্য কৰে আৰএমচিৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: শিৱসাগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.