ETV Bharat / state

বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ উদ্যোগত বিনামূলীয়া মাস্ক বিতৰণ

author img

By

Published : May 7, 2021, 4:03 PM IST

কৰ'ণা মহামাৰী সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিৰ বিশেষ পদক্ষেপ । সমিতিৰ সদস্যসকলে ৰাইজৰ মাজত বিতৰণ কৰিলে মাস্ক, ছেনিটাইজাৰ ।

Chirang RMC Covid awareness
বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ উদ্যোগত বিনামূলীয়া মাস্ক বিতৰণ

চিৰাং, ৭ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাচৰ সংক্ৰমণ ৷ চৰকাৰ অথবা প্ৰশাসনে জনসাধাৰণক ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে চিৰাং জিলা সমিতিয়ে গ্ৰহণ কৰা আদৰণীয় পদক্ষেপে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ কালৰূপৰ মাজতে সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিয়ে ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰিছে । চিৰাঙৰ বৰতালোৱা বজাৰত সকলো পথচাৰী আৰু যাত্ৰীকে চেনিটাইজ কৰিবলৈ চেনিটাইজাৰ যোগান ধৰিছে সমিতিৰ সদস্যসকলে । চিৰাঙৰ বৰতালোৱা বজাৰত শুকুৰবাৰে পুৱা দহ বজাত চিৰাং জিলা সমিতিয়ে মাস্ক বিতৰণ কৰি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে । সকলোকে মাস্ক পিন্ধি হাত দুখন চেনিটাইজ কৰি নিজৰ লগতে সকলোকে সুৰক্ষিত ৰখাৰ বাবে অনুৰোধ জনায় সমিতিৰ সদস্যসকলে ।

সংখ্যালঘু অধ্যুক্ষিত চিৰাঙৰ বৰতালোৱা বজাৰত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিয়ে কভিড সজাগতাৰে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। উল্লেখ্য যে, বৰতালোৱা বজাৰত অধিকাংশ লোকেই ক’ভিড সজাগতাৰ পৰা আঁতৰত । কিয়নো প্ৰশাসনেও গুৰুত্ব প্ৰদান কৰা নাই এইসকল লোকৰ ওপৰত । যাৰবাবে বজাৰত নাই সামাজিত দুৰত্ব, ইফালে মাস্ক পৰিধান কৰা লোকৰ সংখ্যাও তেনেই কম । সেয়ে ধৰ্মীয় সংখ্যালঘু পৰিষদে বৰতালোৱা বজাৰত শুকুৰবাৰে এইদৰেই বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে কৰ'ণা মহামাৰীৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: গৌৰীসাগৰত খাৰুৱা তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.