ETV Bharat / state

32 বছৰে বিনা বেতনে শিক্ষদান কৰি অৱসৰ ল’লে চিৰাঙৰ এগৰাকী শিক্ষকে

author img

By

Published : Jan 22, 2021, 10:43 PM IST

৩২ টা বছৰ বিনা বেতনে শিক্ষকতা কৰি আছিল চিৰাং জিলাৰ বিজনীৰ ভাংনামাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হালিমে ৷ কিন্তু এতিয়া তেখেতৰ অৱসৰৰ পিছতেই পৰিয়ালটিলৈ নামি আহিছে অমানিশা ৷ কনিষ্ঠ পুত্ৰ ৱাহিদুল ইছলামৰ চিকিৎসাৰ বাবে তেখেতৰ হাতত নাই পৰ্যাপ্ত ধন ৷

As_Chg_Chirang_retired_teacher_vis_as10012
32 বছৰে বিনা বেতনে শিক্ষদান কৰি অৱসৰ ল’লে চিৰাঙৰ এগৰাকী শিক্ষকে

চিৰাং,22 জানুৱাৰী: বিনা বেতনে 32 বছৰ শিক্ষকতা কৰি অৱশেষত অৱসৰ গ্ৰহণ কৰিলে চিৰাঙৰ এগৰাকী শিক্ষকে ৷ ধনৰ অভাৱত নিজৰ ৰুগীয়া পুত্ৰৰ চিকিৎসা কৰিবলৈয়ো অসমৰ্থ তেওঁ ৷ উল্লেখ্য যে, ৩২ টা বছৰ বিনা বেতনে শিক্ষকতা কৰি আছিল চিৰাং জিলাৰ বিজনীৰ ভাংনামাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হালিমে ৷ কিন্তু এতিয়া তেখেতৰ অৱসৰৰ পিছতেই পৰিয়ালটিলৈ নামি আহিছে অমানিশা ৷ তেখেতৰ কনিষ্ঠ পুত্ৰ ৱাহিদুল ইছলাম আক্ৰান্ত দুৰাৰোগ্য ৰোগত ৷ ৱাহিদুলৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ ৷ কিন্তু বিনা বেতনেই শিক্ষকতা জীৱন সমাপ্ত কৰা আব্দুল হালিমৰ পৰিয়ালটো সম্প্ৰতি পুত্ৰ চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হৈছে যথেষ্ট সমস্যাৰ ৷

এই বিপদৰ সময়তেই পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে স্থানীয় কেইগৰাকীমান শিক্ষক ৷ আলুখুন্দা পালেংবাৰী প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হালিমৰ পৰিয়াললৈ 10 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও অসহায় পৰিয়ালটোৰ সহায়ৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় শিক্ষা কেন্দ্ৰটোৰ সম্পাদক আনোৱাৰ হুছেইনে ৷

লগতে পঢ়ক-ৰাইজৰ ধনেৰে লাহ-বিলাসত ব্যস্ত শাসকীয় দলৰ নেতা:ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.