ETV Bharat / state

লাফিকুল হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড : RMC

author img

By

Published : Aug 5, 2021, 7:12 AM IST

লাফিকুল হত্যাকাণ্ড (Lafiqul Murser)ত জড়িত হত্যাকাৰীৰ নাম চিবিআই (CBI)য়ে প্ৰকাশ কৰাৰ পাচতেই বুধবাৰে চিৰাং জিলাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ (Religious Minority Council)ৰ প্ৰতিক্ৰিয়া ৷ লাফিকুল হত্যাকাণ্ডক ৰাজনৈতিক হত্যাকাণ্ড আখ্যা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডল (Abdul Awal Mondal)ৰ ৷

religious minority council react on lafiqul murder
ধৰ্মীয় সংখ্যালঘু পৰিষদৰ প্ৰতিক্ৰিয়া

চিৰাং,5 আগষ্ট : শেহতীয়াকৈ চিবিআই (CBI)য়ে ABMSUৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ তিনি হত্যাকাৰীৰ নাম আৰু ফটো প্ৰকাশ কৰাৰ পাচতেই বিটিআৰ (BTR)ত সৃষ্টি হৈছে ৰাজনৈতিক ধুমুহাৰ ৷ বিশেষকৈ চিবিআইয়ে লাফিকুল হত্যাকাণ্ড (Lafiqul Murser)ত জড়িত বুলি ঘোষণা কৰা ভদ্ৰেশ্বৰ বসুমতাৰীৰ নাম প্ৰকাশ কৰাৰ পাচতে অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

এই সন্দৰ্ভত বুধবাৰে স্পষ্টভাৱে অভিযোগ তোলে চিৰাং জিলাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ (Religious Minority Council)ৰ কাৰ্যালয়ত পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আৱাল মণ্ডল (Abdul Awal Mondal)য়ে ৷ তেওঁ কয় যে, লাফিকুল হত্যাকাণ্ড যে ৰাজনৈতিক হত্যাকাণ্ড তাত কোনো সন্দেহ নাই । ইতিমধ্যে চিবিআইয়ে প্ৰকাশ কৰা তিনি হত্যাকাৰীৰ এজন ভদ্ৰেশ্বৰ বসুমতাৰী ৷

ধৰ্মীয় সংখ্যালঘু পৰিষদৰ প্ৰতিক্ৰিয়া

লগতে তেওঁ কয় যে, মুঠতে লাফিকুল হত্যাকাণ্ডত বিপিএফ (BPF) দল জড়িত আছিল ৷ গতিকে চিবিআইয়ে দলটোৰ শীৰ্ষ বিষয়াক জেৰা কৰি প্ৰকৃত হত্যাকাৰী চিনাক্ত কৰিবলৈ দাবী জনায় ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতিগৰাকীয়ে । কিয়নো লাফিকুল হত্যাকাণ্ডৰ সময়ত বিপিএফ প্ৰভাৱ হাগ্ৰামা মহিলাৰী এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা আছিল ৷

লগতে পঢ়ক : লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

যাৰ ফলস্বৰূপে বিগত চাৰিটা বছৰে লাফিকুলৰ হত্যাকাৰীৰ তথ্য ফাদিল হ’ব পৰা নাছিল বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ বিপিএফৰ ভাতৃ সংগঠন হিচাপে দীৰ্ঘদিনৰ পৰাই আছিল ধৰ্মীয় সংখ্যালঘু পৰিষদ । বিপিএফে লাফিকুলৰ হত্যাকাৰীৰ তথ্য ফাদিল কৰাৰ বাবে বিষয়টো বিধানসভাত উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি পূৰণ হোৱা দেখা নগ’ল ৷

সেইবাবেই ইমান দিনে চিবিআইৰ তদন্ত লেহেমীয়া হৈ আছিল ৷ এই অভিযোগ উত্থাপন কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুচেইনকো সমালোচনা কৰি তেওঁ কয় যে, হুচেইনৰ মন্তব্যই তদন্তকাৰী সংস্থাৰ তদন্তত ব্যাঘাত জন্মাব ৷

লগতে পঢ়ক : লাফিকুল হত্যাৰ ন্যায়ৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ

কিয়নো টাইচন হুচেইনে জনোৱা মতে, লাফিকুল হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড নহয় ৷ লাফিকুলৰ হত্যাকাৰীৰ লগতে এই ঘটনাৰ সৈতে জড়িত ৰাজনৈতিক নেতাকো চিবিআইয়ে চিনাক্ত কৰিব বুলি আশা প্ৰকাশ কৰে সভাপতিগৰাকীয়ে । ইফালে অভিযুক্ত ভদ্ৰেশ্বৰ বসুমতাৰীৰ পৰিয়ালে সদৰী কৰা মতে, তেওঁ বিপিএফ দলৰ সৈতে জড়িত থাকি কাম কৰিছিল ৷

ইয়াৰ পাচতে আমছু (AAMSU), এবিএমছু, ধৰ্মীয় সংখ্যালঘু পৰিষদৰ মাজত পৰষ্পৰ বিৰোধী মন্তব্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷ লাফিকুল হত্যাকাণ্ডক লৈ আজিও ৰাজ্যৰ লগতে বিটিআৰত অব্যাহত আছে বিতৰ্ক । এই হত্যাকাণ্ডত কোন ৰাজনৈতিক দল জড়িত আছে ? লাফিকুল হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড নে আন কিবা ? চিবিআইৰ পৰৱৰ্তী তদন্ততহে নিশ্চিতভাৱে পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷

লগতে পঢ়ক : লাফিকুল হত্যাৰ তিনিটা বছৰঃ আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.