ETV Bharat / state

মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!

author img

By

Published : Jul 10, 2020, 9:33 AM IST

Updated : Jul 10, 2020, 1:34 PM IST

কাজলগাঁও পৰিষদীয় সমষ্টিৰ পূৱ এংকৰবাৰীৰ খালপাৰা গাঁৱৰ এখন জৰাজীৰ্ণ দলঙে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ যাতায়তৰ ক্ষেত্ৰত গাঁৱবাসীয়ে যমৰ যাতনা ভুগি অহা এই ভঙা দলংখনক লৈ বিপিএফে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় গ্ৰহণ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!
মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!

চিৰাং,10 জুলাইঃ মডেল বিটিচিত প্ৰকৃততে উন্নয়নৰ নামত কি চলিছে ? চিৰাঙৰ পূৱ এংকৰবাৰীৰ খালপাৰা গাঁৱত যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘ দিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাইজ ৷ বাঁহৰ ভঙা দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে গাঁৱবাসীৰ পৰা ভোট আদায় কৰি আহিলেও যোৱা সোতৰটা বছৰে কাম আৰম্ভ কৰা নহ’ল ৷ প্ৰতিবাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফ নেতাই ৰঙা ফিটা কাটি আধাৰ শিলা কৰি আভুৱা ভাৰি অহাৰ ফলত আজিলৈকে হৈ নুঠিল পকী দলং ৷

CHIRANG REALITY CHECKED ON DEVELOPMENT ETV BHARAT NEWS
বাঁহৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ নামত চৰম প্ৰতাৰণা
প্ৰতিশ্ৰুতিতে থাকিল উন্নয়নৰ প্ৰকল্প

চিৰাঙত ভঙা দলঙক লৈ বিপিএফৰ ৰাজনীতি কিয় ? বিটিচি গঠনৰ পিচত বিগত ১৭টা বছৰে বহুবাৰ আধাৰশিলা কৰাৰ পিছতো নিৰ্মাণ নহ’ল পকী দলং ৷ বাঁহৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ নামত চৰম প্ৰতাৰণা গাঁৱবাসীক ৷ কাজলগাঁও পৰিষদীয় সমষ্টিৰ পূৱ এংকৰবাৰীৰ খালপাৰা গাঁৱৰ এখন জৰাজীৰ্ণ দলঙে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ যাতায়তৰ ক্ষেত্ৰত গাঁৱবাসীয়ে যমৰ যাতনা ভুগি অহা এই ভঙা দলংখনক লৈ বিপিএফে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় গ্ৰহণ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ প্ৰতিবাৰ বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত বাঁহৰ ঠাইত পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে গাঁৱবাসীৰ ভোট আদায় কৰি আহিছে বিপিএফে ৷ আনকি গাঁৱবাসীক দেখুৱাই নিৰ্বাচনৰ পূৰ্ৱে ৰঙা ফিটা কাটি কেইবা বাৰো আধাৰ শিলাও স্থাপন কৰিলে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি লৈ পকী দলঙৰ নিৰ্মাণ হৈ নুঠিল ৷

মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!

দলং নিৰ্মাণৰ নামত আধাৰশিলাৰ ৰাজনীতি বিপিএফৰ

প্ৰতিবাৰ নিৰ্বাচন আহিলে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি অহা বিপিএফে পৰৱৰ্তী সময়ত সকলো পাহৰি যোৱাৰ বাবে আজিলৈ পকী দলঙৰ কামেই আৰম্ভ নহ’ল ৷ বিগত ১৭ টা বছৰে বিপিএফ দলে কৰা এনে প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বাবে ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷ উল্লেখ্য যে গাঁৱখনত উজানী নৈৰ ওপৰত থকা বাঁহ আৰু কাঠৰ জৰাজীৰ্ণ দলঙৰ বাবে গাঁৱবাসীয়ে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে ৷ চাৰিওফালে নদীয়ে আৱৰি থকা গাঁৱখনত দলঙৰ অভাৱত কোনো ধৰণৰ যান বাহনে গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে ৷ ১০৮ সেৱা পৰ্যন্ত ঢুকি নোপোৱা গাঁৱবাসীয়ে ৰোগীক সাঙী কৰি নতুবা ঠেলাত তুলিহে চিকিৎসালয় লৈ নিবলগীয়া হয় ৷ বহুবাৰ ভঙা দলঙৰ পৰা চাইকেল বা বাইক আৰোহী তলত পৰি আহত হ’বলগীয়াও হৈছে ৷ গাঁৱবাসীৰ এই যাতায়তৰ ক্ষেত্ৰত থকা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিপিএফ দলে বিগত সময়ত পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰি আহিছে ৷ কিন্তু বহুবাৰ আধাৰশিলা কৰিও পকী দলংখন হৈ নুঠাত ক্ষুব্ধ হৈ পৰা ৰাইজে এইবাৰ টঙালি বান্ধিছে আগন্তক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৷ আগন্তুক নিৰ্বাচনৰ পূৰ্ৱে দলটোৱে পুনৰ একেই প্ৰতিশ্ৰুতিৰে গাঁৱৰ ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ চেষ্ট চলাইছে বিপিএফ দলে কিন্ত ৰাইজ সজাগ হৈছে ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাইজক এনেদৰে প্ৰৱঞ্চনা কৰি অহাৰ ফলত বিপিএফৰ নেতৃবৰ্গক উচিত শিক্ষা দিয়াৰ বাবে সাজু হৈছে ভুক্ত ভোগী গাঁৱবাসী ৷

ভঙা দলঙক লৈ বিপিএফৰ নিকৃষ্ট ৰাজনীতিৰ অভিযোগ

নিৰ্বাচন আহিছে গৈছে একেদৰেই নিৰ্বাচনৰ আগে আগে অঞ্চলটোলৈ নেতাৰ সোত বয় ভুৱা প্ৰতিশ্ৰুতি লৈ । অতিকে ভিতৰুৱা অঞ্চলটোৰহে কোনো উন্নয়ন নহয় । আজিও ভাৰত স্বাধীন হোৱাৰ পুৰ্বৰ দৰে পৰিৱেশ হৈয়ে থাকিল । মডেল বিটিচিৰ এতিয়া ৰাইজৰ বাবে প্ৰহসনত পৰিণত হৈছে

মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!
মডেল বিটিচিৰ উন্নয়নৰ প্ৰকৃত নমুনা!

লগতে চাওকঃ কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ হ’ল খলনায়ক বিকাশ ডুবে ?

Last Updated : Jul 10, 2020, 1:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.