ETV Bharat / state

চিৰাঙত উদ্ধাৰ লতামাকৰিৰ পোৱালি - চিৰাঙত উদ্ধাৰ লতামাকৰিৰ পোৱালি

বিগত ডিচেম্বৰ মাহত এনে ধৰণৰ এটা লতামাকৰি উদ্ধাৰ হোৱা তাৰ হত্যা কৰি ভক্ষণ কৰিছিল চিদলীৰ এজন লোকে । পৰৱৰ্তি সময়ত চলিত মাহতে জিলাখনৰ ঢালিগাঁৱত আন এটা লতামাকৰি উদ্ধাৰ হয় লগতে শনিবাৰে পুনৰ আনটো লতামাকৰি উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।

লতামাকৰিৰ পোৱালি উদ্ধাৰ
লতামাকৰিৰ পোৱালি উদ্ধাৰ
author img

By

Published : Jan 20, 2020, 8:24 AM IST

চিৰা, 20 জানুৱাৰীঃ শনিবাৰে চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত মোজাবাৰীত উদ্ধাৰ হয় এটা লতামাকৰিৰ পোৱালি। পথৰ দাঁতিত থকা জংঘলৰ বন কাটি পৰিষ্কাৰ কৰোতে উদ্ধাৰ হয় লতামাকৰিৰ পোৱালিটো । পাছত স্থানীয় ৰাইজে চিদলী থানাৰ আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে লতামাকৰিৰ পোৱালিটো উদ্ধাৰ কৰি চিৰাং সংমণ্ডল বন বিভাগক গতাই দিয়ে ।

লতামাকৰিৰ পোৱালি উদ্ধাৰ
লতামাকৰিৰ পোৱালি উদ্ধাৰ

জানিব পৰা মতে, বন বিভাগে কোকৰাঝাৰৰ বন্যপ্ৰাণী চিকিৎসা আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে লতামাকৰিৰ পোৱালিটো। স্বাস্থ্য পৰীক্ষাৰ অন্তত উদ্ধাৰ হোৱা লতামাকৰিটোক ক'ত সংৰক্ষণ কৰা হ'ব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বন বিভাগে ৷

লতামাকৰিৰ পোৱালি উদ্ধাৰ

উল্লেখ্য যে, ডিচেম্বৰ মাহত চিৰাঙত উদ্ধাৰ হোৱা এটা লতামাকৰি হত্যা কৰি ভক্ষণ কৰিছিল চিদলীৰ এজন লোকে । পৰৱৰ্তি সময়ত চলিত মাহতে জিলাখনৰ ঢালিগাঁৱত আন এটা লতা মাকৰি উদ্ধাৰ হয় লগতে শনিবাৰে পুনৰ আনটো লতামাকৰি উদ্ধাৰ কৰে স্থানীয় ৰাইজে । চিৰাঙত প্ৰায়ে উদ্ধাৰ হ'বলৈ লোৱা লতামাকৰিসমূহ ক'ৰ পৰা আহিছে সেই বিষয়ে অৱগত নহয় বন বিভাগ ।

লগতে পঢ়কঃ CAAৰ বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থী সমাজৰ

Intro:চিৰাঙৰ মোজাবাৰীত উদ্ধাৰ দুষ্প্ৰাপ্য লতামাকৰি পোৱালি। ৰাইজে উদ্ধাৰ কৰা লতামাকৰি আৰক্ষীয়ে বন বিভাগক গতালে ।

Body:
চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত মোজাবাৰীত দুষ্প্ৰাপ্য লতামাকৰি পোৱালি উদ্ধাৰ । পথৰ দাতিত থকা বাৰীৰ বন কাটী পৰিষ্কাৰ কৰোতে উদ্ধাৰ হয় লতামাকৰীৰ পোৱালিটো । তাৰপিচত লতামাকৰীৰ পোৱালিটো লৈ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টী হয়। চিদলী থানাৰ আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে লতা মাকৰীৰ পোৱালিটো উদ্ধাৰ কৰি আনি চিদলী থানাত ৰাখে আৰু বন বিভাগক অৱগত কৰে । বন বিভাগৰ লোক চিদলী থানাত উপস্থিত হোৱাত আৰক্ষীয়ে চিৰাং সংমণ্ডল বন বিভাগক গতাই দিয়ে । বন বিভাগৰ লোকে দুষ্প্ৰাপ্য লতা মাকৰীৰ পোৱালিটো কোকৰাঝাৰৰ বন্যপ্ৰানী চিকিৎসা আৰু পুন:সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰন কৰে । তাতেই লতামাকৰি পোৱালিটোৰ স্বাস্থ্য পৰিক্ষাৰ অন্তত কত থব বা এৰি দিব সেই বিষয়ে সিদ্ধান্ত গ্ৰহন কৰিব বন বিভাগে । এই দৰে সংবাদ মাধ্যমক জনায় চিৰাং সংমণ্ডল বন বিষয়া (ডিএফঅ) ব্ৰহ্মানন্দ পাতিৰীয়ে ।

বাইট : ব্ৰহ্মানন্দ পাতিৰি,ডি এফ অ চিৰাং ।

Conclusion:এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱা ডিচেম্বৰ মাহত এটা এ ধৰনৰ দুষ্প্ৰাপ্য।লতামাকৰি হত্যা কৰি ভক্ষন কৰিছিল চিদলীৰ এজন লোকে । তাৰ পিচতে এই মাহতে জিলাখনৰ ঢালিগাঁওত এটা লতা মাকৰি উদ্ধাৰৰ পিচতে আজি এয়া আনটো লতামাকৰি উদ্ধাৰ ।
দুষ্প্ৰাপ্য এই লতামাকৰি সমুহ কৰ পৰা আহে বা কত থাকে সেই বিষয়েও অৱগত নহয় বন বিভাগ । মুঠতে একেবাই বিলুপ্তপ্ৰায় দুষ্প্ৰাপ্য এই লতামাকৰি সমুহ চিৰাং জিলাত পুনৰ কেবাটাও উদ্ধাৰ হোৱা ঘটনাই আশাৰ ৰেঙনি আনিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.