চিৰাং, 13 এপ্ৰিল : ৰংজালি বৈশাগু পালনৰ বাবে সাজু হৈছে বড়ো জনগোষ্ঠীয় লোক সকল ৷ ৰংজালি বৈশাগু উপলক্ষে এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা চিৰাং জিলাৰ ৰৌমাৰী পথাৰত ৷
চিৰাং জিলাৰ ৰৌমাৰী পথাৰত ছিফুং হাৰিমু আফাদৰ ডেকা-গাভৰু সকলে বড়ো সকলৰ পৰম্পৰাগত বাদ্য যন্ত্ৰ ছিফুং,খাম, সেৰজা আৰু জোথাৰ সুৰেৰে নাচি-বাগি বৈশাগু পালনৰ প্ৰস্তুতি চলোৱা দেখা যায় ৷ বিগত বৰ্ষত কভিডৰ বাবে ৰংজালি বৈশাগু উদযাপন কৰিব পৰা নাছিল ছিফুং হাৰিমু আফাদৰ ডেকা-গাভৰু সকলে ৷ বিগত বৰ্ষ সমুহত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত অনুষ্ঠান কৰি সুনাম কঢ়িয়াই অনা এই চিফুং হাৰিমু আফাদৰ ডেকা গাভৰু সকলে এইবেলিও প্ৰস্থুতি চলাইছে ৰৌমাৰীৰ পথাৰত ।
লগতে পঢ়ক: নিৰ্বাচনত ফেক্টৰ হ’ব অসম জাতীয় পৰিষদ: লুৰিণজ্যোতি গগৈ