চিৰাং, 18 এপ্ৰিলঃ প্ৰয়াত কংগ্ৰেছ নেতা তথা বি এ চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰেমসিং ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী চিৰাঙৰ ঢালিগাঁওত বৃহস্পতিবাৰে পালন কৰা হয় ৷ "উদাংশ্ৰীনি আলাৰি" (মুক্তিৰ চাকি) প্ৰেমসিং ব্ৰহ্মৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ-প্ৰধান খাম্পা বৰগয়াৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰয়াত প্ৰেমসিং ব্ৰহ্মৰ পত্নী তথা মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰীয়া ৰানী ব্ৰহ্মপ্ৰাক্তন বিধায়ক মতিন্দ্ৰ বসুমতাৰী, ৰোমিঅ ব্ৰহ্ম, খিৰেন বৰগয়াৰী সহ আৰু বহু সংখ্যক লোক ৷
সাংবাদিকৰ লগত হোৱা কথা বতৰাত হাগ্ৰামা মহিলাৰীয়ে প্ৰেমসিং ব্ৰহ্মৰ আদৰ্শৰেই বিটিচিত তেওঁলোকে কাম কাজ সমূহ চলাই নিয়া বুলি উল্লেখ কৰে ৷