চিৰাং,26 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ ৰুণিখাটাৰ টেনদুৱাৰ আঞ্চলিক এবছুয়ে আয়োজন কৰা বিটিআৰ চুক্তি স্বাক্ষৰকাৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত বুধবাৰে উপস্থিত থাকে এবছুৰ প্ৰাক্তন সভাপতি তথা ইউ পি পি এলৰ নৱনিযুক্ত সভাপতি প্ৰমোদ বড়ো ।
![Chirang Pramod Boro felicitation assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangpramodborofelicitation-vis-10012_26022020172024_2602f_01746_631.jpg)
ৰুণিখাটাৰ বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰমোদ বড়োয়ে কয়,এন ডি এফ বি (সং)ৰ সভাপতি বি ছাউৰাইগ্ৰাই কোৱাৰ দৰে আমাৰ মাজত শান্তিৰ বাতাবৰণত শকুনি সোমাইছে । প্ৰায় 40 বছৰীয়া সংগ্ৰামৰ কথা সুঁৱৰি বড়োয়ে কয় যে,উক্ত সংগ্ৰামৰ বাবে বহুলোকে প্ৰাণ আহুতি দিছে ৷ সংগ্ৰামৰ অৰ্থ বিভাজন নহয়,ৰাজনীতি বা সামাজিক কামৰ জৰিয়তে সমাজ ক্ষতিগ্ৰস্ত হ’ব নোৱাৰে ৷ লগতে কয়,"ৰাজনীতি মোৰ বাবে পেছা বা নিচা নহয়,ৰাজনীতি মোৰ কাৰণে এটা এছাইনমেণ্ট,মোৰ কাৰণে এটা প্ৰজেক্ট হয়"।
প্ৰবল বৰষুণকো নেওচি সম্বৰ্ধনা অনুষ্ঠানটোত এবছু,ইউ পি পি এল,বড়ো সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লোক উপস্থিত থাকে ৷ ইয়াৰোপৰি কেবাশতাধিক জনসাধাৰণ উপস্থিত থাকে উক্ত অনুষ্ঠানত ।
![Chirang Pramod Boro felicitation assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangpramodborofelicitation-vis-10012_26022020172024_2602f_01746_221.jpg)
লগতে চাওকঃআদালতত হাজিৰ গৌতম বৰুৱাক