ETV Bharat / state

দৰিদ্ৰতাঃ অন লাইন ক্লাছৰ পৰা বঞ্চিত হোৱাৰ বাবে ছাত্ৰৰ আত্মহত্যা

author img

By

Published : Jun 24, 2020, 5:59 AM IST

Updated : Jun 24, 2020, 7:06 AM IST

চিৰাঙৰ টুক্ৰাঝাৰ হায়াৰ ছেকণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰজনৰ আত্মহত‍্যাৰ টোকাত লিখিছিল যে দৰিদ্ৰ ঘৰৰ ছাত্ৰ হোৱা বাবেই স্মাৰ্ট ফোন নথকাত অনলাইন পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল আৰু পিতৃৰ ক্ষমতা নাছিল মোবাইল কিনি দিয়াৰ ।

এক মৰ্মান্তিক ঘটনা
এক মৰ্মান্তিক ঘটনা

চিৰাং, 24 জুনঃ এক মৰ্মান্তিক ঘটনা! এগৰাকী মেধাৱী ছাত্ৰই নিজৰ জীৱনটোকেই শেষ কৰি পেলালে অনলাইন ক্লাছ কৰিবলৈ নোপোৱাৰ বাবে, আত্মহত্যাৰ কাৰণ অনলাইন ক্লাছ কৰিবলৈ আৰু অনলাইন পৰীক্ষা দিবলৈ নাপালে ছাত্ৰগৰাকীয়ে ৷ দৰিদ্ৰতাৰ বাবে ছাত্ৰ জনৰ হাতত নাছিল স্মাৰ্ট ফোন ৷ আনহাতে দৰিদ্ৰ পৰিয়ালটোৰ বাবে সম্ভৱ নাছিল এটা স্মাৰ্ট ফোন কিনি দিয়াটো ৷

অন লাইন ক্লাছৰ পৰা বঞ্চিতক হোৱাৰ বাবে ছাত্ৰৰ আত্মহত্যা

নিখিল বড়ো ছাত্ৰ সন্থাই জনোৱা মতে শালবাৰী গাওঁৰ জাপান নাৰ্জাৰীৰ পুতেক দশম শ্ৰেণীৰ ছাত্ৰ সুবুংসাৰ নাৰ্জাৰী(১৬) যোৱা নিশা নিজৰ ঘৰতে চিপ লৈ আত্মহত‍্যা কৰে । আত্মহত‍্যাৰ টোকাও লিখি থৈ গৈছিল ছাত্ৰজনে । জিলাখনৰ টুক্ৰাঝাৰ হায়াৰ ছেকণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰজনৰ আত্মহত‍্যাৰ টোকাত লিখিছিল যে দৰিদ্ৰ ঘৰৰ ছাত্ৰ হোৱাৰ বাবেই স্মাৰ্ট ফোন নথকাত অনলাইন পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল আৰু পিতৃৰ ক্ষমতা নাছিল মোবাইল কিনি দিয়াৰ । সেয়ে আত্মহত‍্যা কৰিবলগীয়া হ’ল তেওঁ ৷

চিৰাং জিলা সমিতি এবছুৰ সাধাৰণ সম্পাদক দিলিপ বসুমতাৰীয়ে ছাত্ৰজনৰ মৃত‍্যুত শোক প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগক অনলাইন পাঠদানৰ বিকল্প ব‍্যৱস্থা গ্ৰহণৰ দাবী জনায় যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পাঠ দানৰ সুবিধা লাভ কৰে আৰু দ্বিতীয় কোনো ছাত্ৰ এইদৰে আত্মহত‍্যা কৰিবলগীয়া নহয় ৷

ছাত্ৰ জনৰ শিক্ষক এজনে কয় যে অতিকে মেধাৱী ছাত্ৰ আছিল সুবুংসাৰ নাৰ্জাৰী । অনলাইন পাঠদানৰ পৰা বঞ্চিত হৈ আত্মহত‍্যাৰ পথ বাছি লোৱাৰ ঘটনাটো অতিকে দুৰ্ভাগ্যজনক বুলি জনায় তেওঁ ৷

লক ডাউনৰ বাবে সকলো শিক্ষা অনুষ্ঠান বন্ধৰ ফলত অনলাইন পাঠদান চলিছিল আৰু দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'বলগীয়া হৈছে এই অনলাইন পাঠদানৰ পৰা । সেয়ে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি দৰিদ্ৰ ছাত্ৰ- ছাত্ৰীৰ বাবে বিকল্প পথ গ্ৰহণৰ দাবী জনাইছে বিভিন্নজনে ।

লগতে পঢ়কঃ বাঘজানত উপস্থিত ভাৰত চৰকাৰৰ প্ৰেট্ৰ'লিয়াম বিভাগৰ সচিব তৰুণ কাপুৰ

Last Updated : Jun 24, 2020, 7:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.