ETV Bharat / state

চিৰাং আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী

বিজনী আৰক্ষীয়ে অভিযান চলায় ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাৰ টোল গেটৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰীক

চিৰাং আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Jul 13, 2019, 7:09 PM IST

চিৰাং,১৩জুলাই : ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টোল গেটত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিজনক। বিজনী আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইজনক। ড্ৰাগছ সৰবৰাহকাৰী কেইজন বিজনী কাৱাটিকাৰ ইক্ৰামুল হুচেইন,বৰপেটাৰ যোগীৰপামৰ মোজাম্মিল খান, বৰপেটাৰ দেউৰিকুছিৰ ৰবিউল ইছলাম বুলি জানিব পৰা গৈছে। লোককেইজনৰ পৰা প্ৰায় ১৫ লক্ষাধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ৬খন এটিএম কাৰ্ড,৪টা মোবাইল ফোন আৰু বহুতো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে। চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতীৰ নেতৃত্বত চলা এক অভিযানত সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

Intro:চিৰাঙৰ বিজনীত আৰক্ষীৰ অতৰ্কিত অভিযান, ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টোল গেটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, তিনি জনক গ্ৰেপ্তাৰ ।
Body:চিৰাং জিলাৰ বিজনীত চিৰাং আৰক্ষীৰ অতৰ্কিত অভিযান। বিজনী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাওঁৰ দহলাপাৰ স্থিত বিজনী টোলগেটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ তিনি জনক গ্ৰেপ্তাৰ । প্ৰায় ১৫ লক্ষাধিক টকা মুল্যৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ ব্যৱসায়ীক । বিজনী থানাৰ অন্তৰ্গত কাৱাটিকা গাঁওখন যেন ড্ৰাগছৰ ঘাটিত পৰিনত হৈছে । এই মাৰাত্মক ড্ৰাগছৰ দ্বাৰা নৱ প্ৰজন্মক এন্ধাৰৰ পিনে ঠেলি দিছে ড্ৰাগছ মাফিয়াই।সকলো দেখি শুনিও চকুমুদা কুলিৰ ভাও জুৰিছে বিজনী কাৱাটিকাৰ বৌদ্ধিক সমাজ। আজি ড্ৰাগছ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন ক্ৰমে বিজনী কাৱাটিকাৰ ইক্ৰামুল হুচেইন(১৯),বৰপেটাৰ যোগীৰপামৰ মোজাম্মিল খান(৩৮), বৰপেটাৰ দেউৰিকুছিৰ ৰবিউল ইছলাম(৩০) । তিনিওজনে এএচ-১৫এন -৩২৪৭ নম্বৰৰ হোণ্ডা ইয়ন গাড়ী এখনত প্ৰায় ১০০ গ্ৰাম ওজনৰ ব্ৰাউনছুগাৰ নামৰ ড্ৰাগছ সহ ৬খন এ,টি,এম, কাৰ্ড, ৪টা মোবাইল ফোন আৰু বহুতো আপত্তি জনক নথি পত্ৰ সহ আহি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰজাশ বৰকাকতীৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত ঢালিগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰা আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৰূপক বৰাৰ সহযোগত এই অভিযান চলাই সফলতা লাভ কৰে আৰক্ষীয়ে । Conclusion:যোৱা এমাহত চিৰাং জিলাত বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই বহুকেইজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.