ETV Bharat / state

চিৰাং আৰক্ষীৰ সুৰা বিৰোধী অভিযান - আৰক্ষীৰ অভিযান

চিৰাঙত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৫৫০ লিটাৰ সুৰা জব্দৰ লগতে এজনক আটক ।

চিৰাং আৰক্ষীৰ সুৰা বিৰোধী অভিযান
author img

By

Published : Sep 4, 2019, 10:37 PM IST

চিৰাং, 4 ছেপ্টেম্বৰঃ বুধবাৰে সন্ধিয়া চিৰাঙৰ বিভিন্ন থানা এলেকাত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত জিলাখনৰ বাসুগাঁও থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা ১৫০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ৬০ কেজি সামগ্ৰী,চিদলী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ১০০ কেজি সামগ্ৰী জব্দ কৰা হয়৷ লগতে চম্পা বজাৰ অঞ্চলৰ গ্ৰীন ভেলি ধাবাত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্ম আৰু চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ অভিযানত সুৰা জব্দ কৰাৰ লগতে কুছুৰাম বসুমতাৰী(২৫) নামৰ লোকজনক আটক কৰে ।

চিৰাং আৰক্ষীৰ সুৰা বিৰোধী অভিযান

আনহাতে ৰুনিখাতা থানা, পানবাৰী থানা ,ঢালিগাঁও থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা বহু পৰিমাণৰ সুৰা জব্দ কৰে চিৰাং আৰক্ষীয়ে । অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এই অভিযানৰ শলাগ লৈছে বিভিন্ন সামাজিক সংস্থা তথা সংগঠনে । আগলৈ মদ বিক্ৰী আৰু উৎপাদনৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এই ধৰণৰ অভিযান চলাই যোৱাৰ বাবে আহ্বান জনাইছে স্থানীয় লোকে ।

Intro:চিৰাঙত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৫৫০ লিটাৰ সুৰা জব্দৰ লগতে এজনক আটক । 

Body: আজি সন্ধীয়া চিৰাং জিলাৰ বিভিন্ন থানা এলেকাত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত জিলাখনৰ বাসুগাঁও থানাৰ অন্তৰ্গত বিভিন্ন এনেকাৰ পৰা ১৫০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ৬০ কেজি সামগ্ৰী,চিদলী থানাৰ অন্তৰ্গত বিভিন্ন এনেকাৰ পৰা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ১০০ কেজি সামগ্ৰী লগতে চম্পা বজাৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত থকা গ্ৰীন ভেলি ধাৱাত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্ম আৰু চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ অভিযানত ৫০ টা বিয়েৰৰ বতল,৯০ টা বিভিন্ন ধৰনৰ হুইস্কি বতল জব্দ কৰাৰ লগতে কুছুৰাম বসুমতাৰী(২৫) নামৰ লোকক আটক কৰিবলৈ সক্ষম হৈছে ।  ৰুনিখাতা থানাৰ অন্তৰ্গত বিভিন্ন এনেকাৰ পৰা ১৫০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ৫০ কেজি সামগ্ৰী, পানবাৰী থানাৰ অন্তৰ্গত বিভিন্ন এনেকাৰ পৰা ২০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ১০ কেজি সামগ্ৰী ,ঢালিগাঁও থানাৰ অন্তৰ্গত বিভিন্ন এনেকাৰ পৰা ৩০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ৭২০ কেজি সামগ্ৰী মুঠ ৫৫০ লিটাৰ আৰু ৯২০ কেজি ওজনৰ সামগ্ৰী ধ্বংশ কৰিবলৈ সক্ষম হয় চিৰাং আৰক্ষী । অবৈধ চুলাই মদ বনোৱা লোক সকলৰ বিৰুদ্ধে তথা অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এই ধৰনৰ অভিযানৰ শলাগ লৈছে বিভিন্ন সামাজিক সংস্থা তথা সংগঠনে । আগলৈ মদ বিক্ৰী আৰু উৎপাদনৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এই ধৰনৰ অভিযান চলাই যোৱাৰ বাবে আহ্বান জনাইছে ।

Conclusion:লক্ষ্যনীয় হব জিলাখনৰ ৰাষ্ট্ৰীয় ঘাই পথ সমুহৰ দাতিত ধাবা,হোটেল আদি সমুহত প্ৰায়েই বিলাতি সুৰা বিক্ৰী হোৱা বুলি যি অভিযোগ উত্থাপন হয় সেই সন্দৰ্ভত আৰক্ষীৰ ভূমিকা কি হব সেয়াহে । সেই সমুহতো আৰক্ষীৰ কঠোৰ পদক্ষেপৰ আহ্বান বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্টানৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.