ETV Bharat / state

চিৰাং আৰক্ষীৰ মহানুভৱতা: পি পি কীট পিন্ধি ৰোগীৰ সেৱাত আৰক্ষী বিষয়া

পি পি ই কীট পিন্ধি চিৰাঙৰ ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে উদ্ধাৰ কৰিলে এগৰাকী ৰোগাক্ৰান্ত দৰিদ্ৰ লোকক । আৰক্ষীৰ এনে মহানুভৱতাৰ বাবে এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে চিৰাঙৰ আৰক্ষী বিষয়া গৰাকীয়ে ।

CHIRANG POLICE
চিৰাং আৰক্ষীৰ মহানুভৱতা
author img

By

Published : May 23, 2021, 8:17 PM IST

চিৰাং, ২৩ মে': ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে সকলো যেন অসহায় হৈ পৰিছে । কোনোৱে যদি হোম কোৱাৰেণ্টাইনত আছে কোনোৱে আকৌ কণ্টেইনমেন্ট জ'নত আৱদ্ধ হৈ আছে । এই জটিল পৰিস্থিতিৰ মাজতে চিৰাং আৰক্ষীৰ এক আদৰণীয় পদক্ষেপ ।

চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জনোৱা মতে চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁওৰ এজন লোক অসুস্থ আছিল । অসুস্থ দৰিদ্ৰ লোক জনৰ নাম ছাদ্দাম হুছেইন । ১০৮ সেৱাত ফোন কৰাৰ পিছতো কোনো সঁহাৰি নোপোৱাত লোকজনে ফোনযোগে আৰক্ষীৰ সহায় বিচাৰিছিল ।

CHIRANG POLICE
চিৰাং আৰক্ষীৰ মহানুভৱতা

ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাস লগে লগে লোকজনক সহায়ৰ বাবে ছাতিপুৰত গৈ উপস্থিত হয় । তেতিয়া নিশা ১০.৫৫ মান হৈছিল আৰু ইতিমধ্যে ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনখনো আহি পাইছিল । কিন্তু এম্বুলেঞ্চখনত মাথো এজনহে লোক আছিল । সেয়ে প্ৰসেনজিৎ দাসে নিজে পি পি ই কীট পিন্ধি ১০৮ ৰ লোকজনৰ সৈতে অসুস্থ ছাদ্দামক উদ্ধাৰ কৰি কাজলগাঁও জে.এচ.বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

ছাদ্দামে শ্বাস প্ৰশ্বাসৰ অসুবিধাত আছিল । অক্সিজেন লেভেল মাত্ৰ ৫০ হে আছিল । এজন আৰক্ষী বিষয়াই পি পি ই কীট পিন্ধি বিপদগ্ৰস্থ এজন লোকক সহায় কৰাত সকলোৱে আচৰিত হৈছে । কাৰণ এই সময়ছোৱাত আৰক্ষীক কেৱল সান্ধ্য আইন অমান্য কৰি ওলাই অহা লোকৰ বিৰুদ্ধে কঠোৰ হোৱাকলৈ সমালোচনাহে কৰে বিভিন্ন জনে । আৰক্ষীৰো যে এখন সুহৃদয় আছে তাকলৈ এতিয়া আলোচনা হৈছে সকলোতে ।

CHIRANG POLICE
চিৰাং আৰক্ষীৰ মহানুভৱতা

ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ এই মহানুভৱতাৰ শলাগ লৈছে জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়েও । ইফালে বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায় আৰু জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশংসা কৰে আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসক।

লগতে পঢ়ক:সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপটীয়া বাঘৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.