ETV Bharat / state

সোণালী জয়ন্তীত মুখৰিত হ‘ল বিজনীৰ পালেংবাৰী হাইস্কুল - বিজনীৰ পালেংবাৰী হাইস্কুল সোণালী জয়ন্তী উদযাপন

চিৰাং বিজনীৰ পালেংবাৰী হাইস্কুলৰ তিনি দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন ৷

Chirang Palengbar HE Golden Jubilee
সোণালী জয়ন্তীত মুখৰিত হ‘ল বিজনীৰ পালেংবাৰী হাইস্কুল
author img

By

Published : Jan 21, 2020, 8:40 AM IST

চিৰাং, 20 জানুৱাৰীঃ চিৰাং বিজনীৰ পালেংবাৰী হাইস্কুলে অতিক্ৰম কৰিলে 50 বছৰ ৷ পালেংবাৰী হাইস্কুলৰ তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন সোণালী জয়ন্তী। সোমবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনক চন্দ্ৰ নাথে। শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ দেশী জনগোষ্ঠী,বিহু দল, বড়ো নৃত্য,গাৰো নৃত্য আদি পৰিৱেশন কৰে। আনহাতে বিয়লি ২ বজাত অনুষ্ঠিত হয় মুকলি সভা। সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ননী মোহন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেবাজনো বিশিষ্ট শিক্ষাবিদে ভাষণ দিয়ে ।

সোণালী জয়ন্তীত মুখৰিত হ‘ল বিজনীৰ পালেংবাৰী হাইস্কুল

লগতে পঢ়ক:নতুন মন্ত্ৰী সঞ্জয় কিশানৰ কনভয়ৰ পাছে পাছে আছুৰ ক'লা পতাকা, ক'লা বেলুন

মুকলি সভাত উপস্থিত থাকি চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীযুত জয়পাল সিং ব্ৰহ্মই সোনালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে। তাৰোপৰি সভাত তিনি সহস্ৰাধিক প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Intro:চিৰাং জিলাৰ পালেংবাৰী হাইস্কুলৰ সোণালী জয়ন্তী উপলক্ষে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ।

Body:চিৰাং জিলাৰ বিজনীৰ বৃহত্তৰ পালেংবাৰী হাইস্কুল অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান পালেংবাৰী হাইস্কুলৰ তিনিদিনিয়া সোণালী জয়ন্তী উদযাপন । আজিৰ ৰাতিপুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক
কনক চন্দ্ৰ নাথে। শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ দেশী জনগোষ্ঠী, বিহু দল, বড়ো নৃত্য, গাৰো নৃত্য আদি পৰিৱেশন কৰে। বিয়লি ২ বজাত মুকলি সভা অনুষ্ঠিত হয় । সোনালী জয়ন্তি উদযাপন সমিতিৰ সভাপতি ননী মোহন ৰায়ৰ সভাপতিত্বত অনুষ্টিত মুকলি সভাত কদবাজনো বিশিষ্ট শিক্ষাবিদে ভাষন দিয়ে । মুকলি সভাত উপস্থিত থাকি চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীযুত জয়পাল সিং ব্ৰহ্মই সোনালি জয়ন্তিৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰি কয় ৫০ টা বৰ্ষ অতিক্ৰম কৰিলে এই খন বিদ্যালয়ে । অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰত আৰু আগুৱাই যাব পাৰে তাৰ কাৰণে সকলোৰে পৰা সহায় সহযোগিতা বিচাৰি বিদ্যালয় খনৰ উন্নতিৰ দিশত গুৰুত্ব দিব বুলি সভাত প্ৰকাশ কৰে শিক্ষা বিষয়াজনে । সভাত তিনি সহস্ৰাধিক প্ৰাক্তন তথা বৰ্তমান ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

দুটা বাইট দিলো ।

Conclusion:চিৰাং জিলাৰ অতিকে পিচপৰা তথা ভিতৰুৱা অঞ্চল পালেংবাৰীত ৫০ টা সোনালী বৰ্ষ অতিক্ৰম কৰা এই বিদ্যালয় খনৰ উন্নয়নৰ বাবে শিক্ষা বিভাগে বিশেষ ব্যৱস্থা গ্ৰহন কৰাৰ আস্বাস প্ৰদান কৰাৰ লগতে স্থানীয় লোকৰ সহযোগিতাৰ আহ্বান কৰে ।

চিৰাঙৰ পৰা আব্দুল মালদক আহমেদ ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.