ETV Bharat / state

বিজনীত ড্ৰাগছসহ ব্যৱসায়ী আটক

author img

By

Published : Mar 8, 2021, 7:32 PM IST

চিৰাঙৰ বিজনীত আৰক্ষীৰ জালত পৰিল অবৈধ ড্ৰাগছ ব্যৱসায়ী । বিজনী আৰক্ষীৰ অভিযানত ২২টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ । লগতে নগদ ১০,৮৯০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ।

চিৰাঙৰ বিজনীত আৰক্ষীৰ জালত পৰিল অবৈধ ড্ৰাগছ ব্যৱসায়ী

চিৰাং, ৮ মাৰ্চ: চিৰাঙৰ বিজনীত ড্ৰাগছৰ ৰমৰমীয়া বেহা । সোমবাৰে হঠাতে অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বিজনী আৰক্ষীয়ে অভিযান চলায় । গোপন তথ্যৰ ভিত্তিত বিজনীৰ কাউয়াটিকা খানপাৰাত আৰক্ষীয়ে অভিযান চলাই মহম্মদ আলী ওৰফে শ্বাহমত নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ।

শ্বাহমতৰ পৰা আৰক্ষীয়ে ২২টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, প্লাষ্টিকৰ ৪টা খালী কন্টেইনাৰ, নগদ ১০,৮৯০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে । লগতে এখন স্কুটীও জব্দ কৰে বিজনী আৰক্ষীয়ে । শ্বাহমতে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল ।

সোমবাৰে জিলাখনৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰু বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলাই শ্বাহমতক হাতে-লোটে কৰায়ত্ত কৰে । সম্প্ৰতি এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আৰক্ষীয়ে শ্বাহমতৰ জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে প্ৰস্তুতি চলাই থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত নগদ ধন, অবৈধ সুৰা, ড্ৰাগছ আদি প্ৰতিদিনে জব্দ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:চুৰি কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী দুই গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.