চিৰাং,3 নৱেম্বৰঃ মঙলবাৰে চিৰাঙৰ বেংতলৰ ৰাণীসুন্দৰীত আই নদীৰ পাৰঘাটত আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত ৬ কেজি গাঞ্জাসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে, বিশেষ সূত্ৰৰ পম খেদি পোৱা তথ্যৰ ভিত্তিত আৰক্ষী আৰু চি আৰ পিএ ফৰ দল এটাই জিলাখনৰ ৰুনিখাতা থানা তথা বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতল ৰাণীসুন্দৰীৰ আই নদীৰ পাৰ ঘাটত চলাই এক অভিযান ৷ বিয়লিৰ ফালে চলোৱা এই অভিযানত চাইকেলেৰে অহা আমগুৰীৰ নবীন নাৰ্জাৰী (৩২) নামৰ লোক জনে বস্তাত ভৰাই বেংতললৈ আনি থকা অৱস্থাত ৬ কেজি গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে লোক জনক হাতেলোটে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে ৷
![Chirang One arrest with cannabis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangonearrestwithcannabis-photo-10012_03112020153527_0311f_1604397927_336.jpg)
ব্যক্তিজনক আটক কৰাৰ লগতে গাঞ্জা, ছাইকেল আৰু এটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে । উল্লেখযোগ্য যে, জিলাখনত নিচাজাতীয় দ্ৰব্য, ড্ৰাগছ আদিৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক ভাৱে অভিযান চলাই বহু কেইজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । তাৰ পিচতো গোপনে চিৰাঙ জিলাত নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় চলাই গৈছে দুষ্টচক্ৰই ।
![Chirang One arrest with cannabis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangonearrestwithcannabis-photo-10012_03112020153527_0311f_1604397927_1000.jpg)