চিৰাং, 8 মাৰ্চঃ চিৰাং জিলাৰ অন্তৰ্গত বিজনীস্থিত লাবদাংগুৰী খেল পথাৰত বিজনী অবড়ো সুৰুক্ষা সমিতি আৰু বিজনী গণ সুৰুক্ষা পাৰ্টিৰ উদ্যোগত দলৰ কৰ্মী সভা অনুষ্ঠিত হয়। বিজনী জিলা গণ সুৰক্ষা সমিতিৰ সভাপতি সঞ্জয় মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত আৰু ৰফিক আহমেদ। বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিতেই অবড়ো সুৰক্ষা সমিতিয়ে গণসুৰক্ষা দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব আৰু বিটিচি দখল কৰিব বুলি সভাত নিশ্চয়তা দিয়ে নেতৃত্বই।
লগতে পঢ়কঃ মঙলদৈত জন শিক্ষণ সংস্থানৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন
উক্ত সভাত অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তই ইউ পি পি এল দলক সাম্প্ৰদায়িক বুলি কোৱাৰ লগতে ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়ো ইউপিপিত যোগদান কৰাৰ আগদিনালৈ ডিভাইড আছাম ৫০/৫০ শ্লোগান দিছিল বুলিও মন্তব্য কৰে ।
উল্লেখ্য যে এই সভাত নেতৃত্বসকল তথা ৰাইজৰ উপস্থিতিত আগন্তক দুই এদিনত বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ কৰিব বুলি জনায় উপদেষ্টা ৰফিক আহমেদে । সভাত ৰফিক আহমেদে অবড়ো সকলো দল সংগঠনক একত্ৰিতভাৱে বিপিএফ আৰু ইউপিপিএল বিৰোধিতা কৰি নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতি সমৰ্থিত গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীক জয়ী কৰাৰ আহ্বান জনায় ।