চিৰাং, ১৬ ফেব্ৰুৱাৰীঃ চিৰাঙৰ বাসুগাঁও ভূটীয়া পাৰাত সংটিত হৈছে নৃশংস হত্যাকাণ্ড। ৰহস্যজনক ভাৱে নিজ ঘৰৰ ভিতৰতে উদ্ধাৰ যুৱকৰ ক্ষত বিক্ষত মৃতদেহ ।
ৰমাকান্ত বৰ্মনে (২৫) শুকুৰবাৰে বিয়লি মদ্যপান কৰি আহি পিতৃৰ সৈতে কাজিয়াত লিপ্ত হয়। তেতিয়া পিতৃ প্ৰফুল্ল বৰ্মনে (৫৬) পুত্ৰক শান্ত কৰাৰ চেষ্টা কৰে যদিও পুত্ৰই অবাইচ গালি গালাজৰ লগতে পিতৃক শাৰিৰীক ভাৱে প্ৰহাৰ কৰে । এই ঘটনাৰ পিছতে পিতৃয়ে পুত্ৰক হাতুৰিৰে কোবাই অচেতন কৰি পলায়ন কৰে বুলি সন্দেহ কৰা হৈছে।
ৰাতিপুৱা এগৰাকী মহিলাই মৃতদেহটো প্ৰতক্ষ কৰাতহে ঘটনাটো পোহৰলৈ আহে। কেৱল পিতা-পুত্ৰ থকা ঘৰখনত নিশা হোৱা কাজিয়াৰ ফলতেই উক্ত হত্যাকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে। ইফালে পিতৃ প্ৰফুল্ল বৰ্মনে এতিয়াও হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাই। পুত্ৰই আত্মহত্যা কৰা বুলি দাবী কৰে পিতৃ গৰাকীয়ে। আৰক্ষীৰ তদন্তইহে পোহৰলৈ আনিব প্ৰকৃত তথ্য।