চিৰাঙ,30 ডিচেম্বৰঃ নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপন দিয়াৰ লক্ষ্যৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাম্য আত্মসংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠান(SBIRSETI= State Bank of India Rural Self employment Training Institute)ত অনুষ্ঠিত কৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ বুধবাৰে সামৰণি পৰে ।

চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত জিলাখনৰ ১৫ গৰাকী যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে ৷ নিজ ঘৰতে কাঠফুলাৰ খেতি কৰি কেনেকৈ স্বাৱলম্বী হ'ব পাৰি এই দিশত কাজলগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বৈজ্ঞানিক ড০ হিৰণ্য কুমাৰ বৰুৱা, ড০ জ্যোতিষ কুমাৰ শৰ্মাই প্ৰশিক্ষণ দিয়ে ৷

সম্পূৰ্ণ বিনামূলীয়াকৈ ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা আৱাসিক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ বুধবাৰে সামৰণি পৰে ৷ এই উপলক্ষে কাজলগাঁও ভাৰতীয় ষ্টেট বেংক গ্ৰাম্য আত্মসংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক পুতুল বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বুধবাৰে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক যুৱতী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে একোটাকৈ কাঠফুলাৰ বীজৰ টোপোলা প্ৰদান কৰে উদ্যোগতাই ।
লগতে পঢ়কঃ ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানক নাকি লগাবলৈ বিধানসভাত গৃহীত বিধেয়ক