চিৰাং,5 এপ্ৰিল: মাতৃ বিয়োগৰ বেথা লৈ সোমবাৰে চিৰাঙৰ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত সকলো স্তৰৰ লোককে ভোট দান কৰিবলৈ আহ্বান জনায় তেওঁ ৷ লুৰিণজ্যোতি গগৈয়ে কয়, অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমবাসীয়ে প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে উচ্চ হাৰত ভোট দান কৰিব লাগিব ৷
অসমীয়া ভাষা, সাহিত্য, কলা, সংস্কৃতি আদি সকলো দিশত চহকী ৷ গতিকে নিজৰ স্বাভিমান নিজৰ সত্বাক জীয়াই ৰাখিবলৈ চিন্তা নকৰিলে ভৱিষ্যতে অসম বহু দূৰলৈ পিছুৱাই যাব । অসম মাতৃৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত উচ্চ হাৰত ভোটদান কৰিবলৈ সকলোকে আহ্বান জনাই সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক: ডিব্ৰুগড়ৰ চিৰিংচাপৰিত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত