চিৰাং, 5 এপ্ৰিল: এয়া চিৰাং জিলাৰ বিজনীৰ ২নং ছাতিয়ানগুৰী বানিয়াপাৰাৰ দৃশ্য । ৫০ হেজাৰ টকাৰ কৃষি ঋণ লৈ সুজন তৰফদাৰ আৰু সুব্ৰত তৰফদাৰ পিতা পুত্ৰই দুবিঘা মাটিত বিলাহী খেতি কৰাৰ লগতে এবিঘা মাটীত ফুল কবিৰ খেতি কৰিছিল । লক ডাউনৰ ফলত এবিঘা মাটিৰ ফুলকবি খেতি গেলি যোৱাৰ লগতে দুবিঘা মাটিত কৰা বিলাহী খেতিৰো অৱস্থা শোচনীয় । খেতিৰ বিলাহী খেতিটে গেলিবলগীয়া পৰিস্থিতি হোৱাৰ ফলত বিপদত পৰিছে দুই পিতা-পুত্ৰ । কৃষি ঋণ লৈ খেতি কৰাৰ পিচত এতিয়া এই ঋণ কিদৰে পৰিশোধ কৰিব সেই লৈ মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে । চিৰাং জিলা অন্তৰ্গত কৃষি প্ৰধান অঞ্চল সকলোতে বৰ্তমান এই অৱস্থা ।
লক ডাউনঃ কৃষকৰ পথাৰতে গেলিছে কবি, বিলাহী.. - কৃষকৰ পথাৰতে গেলিছে কবি,বিলাহী..
লক ডাউনৰ ফলত এবিঘা মাটিৰ ফুলকবি খেতি গেলি যোৱাৰ লগতে দুবিঘা মাটিত কৰা বিলাহী খেতিৰো অৱস্থা শোচনীয় ।