ETV Bharat / state

লণ্ডনৰ বজাৰ দখল কৰিছে অসমৰ নেমুটেঙাই - অসমৰ নেমুটেঙাৰ লণ্ডনৰ বজাৰ দখল

আন্তৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰিছে অসমৰ নেমুৱে ৷ স্বাভাৱিকতে এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী ৷ সম্প্ৰতি লণ্ডনৰ বজাৰ দখল কৰাৰ পথত চিৰাং জিলাত উৎপাদিত নেমু ৷ ইতিমধ্যে প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰা হৈছে চিৰাঙৰ নেমু ৷ এয়া ৰাজ্যৰ কৃষকসকলৰ বাবে এক সু-খবৰ ৷

chirang-lemon-export-to-the-other-country
লণ্ডনৰ বজাৰত অসমৰ নেমু
author img

By

Published : Jul 15, 2021, 8:27 PM IST

চিৰাং, 15 জুলাই : ক’ভিড (Covid) অতিমাৰীয়ে দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ ভাঙি পৰাৰ সময়তে অন্য এক খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে কৃষক সমাজলৈ ৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে অসমৰ নেমুটেঙা (Lemon)ই ৷ লণ্ডন (London)ত সমাদৰ লাভ কৰিছে চিৰাং জিলাত উৎপাদিত নেমুৱে ৷

chirang-lemon-export-to-the-other-country
অসমৰ নেমুটেঙাৰ লণ্ডনৰ বজাৰ দখল

চিৰাং জিলাৰ পাণবাৰী অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি (Export) কৰা হৈছে শ শ কেজি নেমু ৷ ৰাজ্যৰ কৃষি বিভাগ (Agriculture Department) আৰু পাণবাৰী বডোফা এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী (Bodofa Agro Organic Producer Company Limited)ৰ প্ৰচেষ্টাত বিগত 6 জুলাইত ৰপ্তানি কৰা হৈছে নেমুটেঙাসমূহ ৷ লণ্ডনৰ বজাৰত অসমৰ নেমুৱে বৃহৎ সমাদৰ লাভ কৰাৰ পাচতে পৰৱৰ্তী সপ্তাহৰ ভিতৰত অঞ্চলটোৰ পৰা পুনৰ দুই মেট্ৰিকটন নেমু লণ্ডনলৈ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে কোম্পানীটো ৷

অসমৰ নেমুটেঙাৰ লণ্ডনৰ বজাৰ দখল

উত্তৰাঞ্চলৰ পাণবাৰী অঞ্চলৰ প্ৰায় 1,500 জন কৃষকক লৈ গঠিত পাণবাৰী বডোফা এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটোৱে কৃষিজাত সামগ্ৰীৰ উচিত মূল্যৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷

নেমুৰ লগতে হালধি আৰু মালভোগ কলৰ খেতি কৰি উৎপাদিত সামগ্ৰীসমূহ উচিত বজাৰ দখলৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কোম্পানীটোৱে ৷ এয়া ৰাজ্যৰ কৃষকসকলৰ বাবে এক সু-খবৰ ৷ স্থানীয় বজাৰৰ তুলনাত প্ৰায় দুগুণ অধিক দৰত নেমু ৰপ্তানি হোৱাৰ ফলত উৎফুল্লিত হৈ পৰিছে স্থানীয় কৃষকসকল ৷ চাহপাতৰ লেখীয়াকৈ নেমুটেঙাই জনপ্ৰিয়তা লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৷ এই নেমুটেঙাই ৰাজ্যৰ অৰ্থনীতিৰ লগতে লক ডাউন (Lock Down)ত জুৰুলা হোৱা কৃষক সমাজক নিশ্চয়কৈ সকাহ প্ৰদান কৰিব ৷

লগতে পঢ়ক : এতিয়াৰে পৰা ঘৰতে পাব সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.