ETV Bharat / state

চিৰাং জিলাৰ ২০০ হিতাধিকাৰীয়ে লাভ কৰিলে মাটিৰ পট্টা - ২০০ হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা

শনিবাৰে চিৰাং জিলাৰ বিজনী, চিদলী আৰু বেংতল ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২০০ হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা আৰু ৬৩৭ জন হিতাধিকাৰীৰ মাজত মাটিৰ আৱন্টন পত্ৰ বিতৰণ কৰা হয় । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী, বিটিচিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী আদি উপস্থিত থাকে ৷

Chirang Land patta distribution
চিৰাং জিলাৰ ২০০ হিতাধিকাৰী লাভ কৰিলে মাটিৰ পট্টা
author img

By

Published : Jan 23, 2021, 6:01 PM IST

চিৰাং, 23 জানুৱাৰী : ৰাজ্যৰ আন আন জিলাৰ লগতে চিৰাং জিলাতো শনিবাৰে ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত ভূমিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰা হয় । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰৰ জেৰেঙা পথাৰত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা প্ৰদানৰ কাৰ্যসূচী মুকলি কৰাৰ পিচতে চিৰাঙৰ সদৰ কাজলগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত চিৰাং জিলাৰ বিজনী, চিদলী আৰু বেংতল ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২০০ হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা আৰু ৬৩৭ জন হিতাধিকাৰীৰ মাজত মাটিৰ আৱন্টন পত্ৰ বিতৰণ কৰা হয় ।

Chirang Land patta distribution
চিৰাং জিলাৰ ২০০ হিতাধিকাৰী লাভ কৰিলে মাটিৰ পট্টা

এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী, বিটিচিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী, কৃষি বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু পৰিষদীয় সদস্য মাধৱ ছেত্ৰী, অভিৰাম মহানায়ক, চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ লগতে বিজনী, চিদলী আৰু বেংতলৰ ৰাজহ চক্ৰ বিষয়া সকল উপস্থিত থাকে ।

Chirang Land patta distribution
ভূমিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰাৰ সময়ত

অনুষ্ঠানৰ অন্তত উকীল মুছাহাৰীয়ে সাংবাদিকক সম্বোধন কৰি কয়, বিটিচিৰ নিৰ্বাচনৰ সময়ত ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত ইউপিপিএলে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিটিচি প্ৰশাসনে প্ৰতিশ্ৰুতি পালনত গুৰুত্ব প্ৰদান কৰিছে । বিটিচি প্ৰশাসনে পৱৰ্তী দিনত গাঁৱে গাঁৱে ভূমিহীন লোকৰ মাজত মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে উকীল মুছাহাৰীয়ে ৷

চিৰাং জিলাৰ ২০০ হিতাধিকাৰীয়ে লাভ কৰিলে মাটিৰ পট্টা

উল্লেখ্য যে, সভাত বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনে ভূমিহীন লোকৰ মাজত ভূমিৰ পট্টা প্ৰদাণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে এইয়া খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে ।

লগতে পঢ়ক : ব্ৰাজিলে লাভ কৰিলে ভাৰতৰ কোভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.