ETV Bharat / state

শ্বহীদ বেদীত ক'লা ৰঙঃ শাম কটা নাই চিৰাঙৰ পৰিস্থিতি - আছু

দুৰ্বৃত্তই বাসুগাঁও আঞ্চলিক আছু কাৰ্যালয়ৰ শ্বহীদ বেদীত ক'লা ৰঙ সনাক লৈ সমগ্ৰ অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি । আছু তৰফৰ পৰা দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ বাবে বান্ধি দিছে ৪৮ ঘন্টাৰ সময়সীমা । ইতিমধ্যে সোধ-পোছৰ বাবে তিনিজন লোকক আটক কৰাক লৈ সমগ্ৰ বাসুগাঁও চহৰতে বন্ধ পৰিলক্ষিত হৈছে ।

এতিয়াও উত্তেজনাৰ শাম কটা নাই চিৰাঙৰ বাসুগাঁৱত
author img

By

Published : May 14, 2019, 7:19 PM IST

চিৰাঙ,১৪ মে' : মঙলবাৰেও চিৰাঙৰ বাসুগাঁৱত বিৰাজ কৰি আছে উত্তপ্ত পৰিস্থিতি । সোমবাৰে বাসুগাঁও আঞ্চলিক আছু কাৰ্যালয়ৰ শ্বহীদ বেদীত কলা ৰং সানি দিয়াক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। আছুৰ তৰফৰ পৰা দোষীক কৰায়ত্ত কৰাৰ বাবে বান্ধি দিয়া হৈছে ৪৮ ঘন্টাৰ সময়সীমা। ইতিমধ্যে মঙলবাৰে নিশা আৰক্ষীয়ে তিনিজন লোকক সোধপোচৰ বাবে আটক কৰিছে । এই তিনিজন লোকক আটক কৰাকলৈ মঙলবাৰে ৰাতিপুৱাৰে পৰা সমগ্ৰ বাসুগাঁও চহৰ স্তব্ধ হৈ পৰে ৷ লগতে বাসুগাঁও ধান বজাৰ প্ৰেক্ষাগৃহত বাসুগাঁৱৰ লোকসকল একগোট হৈ আলোচনাত মিলিত হয় । তেওঁলোকৰ দাবী কোনো আগজাননী নিদিয়াকৈ সোমবাৰে নিশা আৰক্ষীয়ে টোপনিত থকা অৱস্থাত ব্যক্তি কেইজনক আটক কৰি লৈ আহে । এই তিনিজন লোকক এৰি নিদিয়ালৈকে বাসুগাঁও চহৰ এইদৰেই বন্ধ থাকিব বুলিও জনায় স্থানীয় ৰাইজে ।

এতিয়াও উত্তেজনাৰ শাম কটা নাই চিৰাঙৰ বাসুগাঁৱত

ইফালে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নৱজিত ৰায়ে কয় যে তেঁওলোকে আছুৰ তৰফৰ পৰা ৪৮ ঘন্টা সময়সীমা বান্ধি দিছে ,৪৮ ঘন্টা পাৰ হোৱাৰ পাছত গণতান্ত্ৰিকভাৱে নিজৰ তৰফৰ পৰা তেঁওলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে ।

Intro:চিৰাঙৰ বাসুগাঁওৰ পৰিস্থিত আজিও উত্তপ্ত তথা শংকাযুক্ত । কালি বাসুগাঁও আঞ্চলিক আছু কাৰ্যালয়ৰ শ্বহিদ বেদীত কলা ৰং সানি দিয়াক লৈ পৰিস্তিতি উত্তপ্ত হৈ আছিল । আছুৰ তৰফৰ পৰা ৪৮ ঘন্টা সময়সীমা বান্ধি দিছে দোষীক কৰায়ত্ত কৰি শাস্থি দিয়াৰ বাবে । ইতিমধ‍্যে নিশা আৰক্ষীয়ে তিনিজন লোকক সোধপোচৰ বাবে আটক কৰিছে । এই তিনিজন লোকক আটক কৰাক লৈ আজি ৰাতিপুৱা ৰে পৰা সমগ্ৰ বাসুগাঁও চহৰ কটকটীয়া বন্ধ পৰিলক্ষিত হৈছে । বাসুগাঁও ধান বজাৰ প্ৰেক্ষাগৃহত বাসুগাঁও ৰ লোকসকল একগোট হৈ আলোচনাত মিলিত হৈছে । তেওঁ লোকৰ দাবী যে কোনো আগজাননী নিদিয়াকৈ আতংবাদীৰ দৰে নিশা আৰক্ষীয়ে টোপোনিত থকা লোকক টানি চোচোৰাই লৈ আহে । এই তিনিজন লোকক এৰি নিদিয়ালৈকে বাসুগাঁও চহৰ এইদৰেই বন্ধ থাকিব বুলিও জনায় । লগতে এন আৰ চিত ১৯২৮ চনৰ মাটীৰ দলিল দিয়াৰ পিচতো বাৰে বাৰে কৰা হাৰাশাস্তি ৰ কথাও জনায় আলোচনাত ।

বাইট : বাসুগাঁও বাসী ৰাইজৰ মন্তব‍্য ।( ফাইল ৮০৪,৮০৪,৮০৫ )

আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নৱজিত ৰায়ে কয় যে আজি এন আৰ চিৰ অভিযোগৰ গৈনা লৈ আছু কাৰ্যালয় ত হাত দিয়াটো গমি মানি নলও ,৪৮ ঘন্টা সময় দিছো ইতিমধ‍্যে ২৪ ঘন্টা পাৰ হল । ৪৮ ঘন্টাৰ পিচত আমি গণতান্ত্ৰীকভাৱে দেখুৱাই দিম আমি কি কৰিব পাৰো ।

বাইট : নৱজিত ৰায়ে,আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক।(ফাইল ৮০৭)

চিৰাং জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক বেদান্ত প্ৰকাশ বৰকাকতিয়ে সকলো জাতী,জনগোষ্ঠী,দল সংগঠন কোনেও যাতে আইন হাতত তুলি নলয়। সকলোকে শান্তি প্ৰতিষ্টাৰ বাবে কামকৰাৰ আহ্বান জনায় ।
বাইট : বেদান্ত প্ৰকাশ বৰকাকতি, অতিৰিক্ত আৰক্ষি অধিক্ষক । (ফাইল ৮০৮)

চিৰাং জিলা সুত্ৰধৰ ছাত্র যুৱ ছাত্ৰ সন্থাৰ পৰাও এই ঘটনাক গৰিহনা দি দোষিক শাস্থীৰ দাবী জনায় ।( ফাইল ৮০৬)

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : বাসুগাঁও বাসী ৰাইজৰ মন্তব‍্য ।( ফাইল ৮০৪,৮০৪,৮০৫ )।।
বাইট : নৱজিত ৰায়ে,আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক।(ফাইল ৮০৭)।

বাইট : বেদান্ত প্ৰকাশ বৰকাকতি, অতিৰিক্ত আৰক্ষি অধিক্ষক । (ফাইল ৮০৮)।
চিৰাং জিলা সুত্ৰধৰ ছাত্র যুৱ ছাত্ৰ সন্থাৰ পৰাও এই ঘটনাক গৰিহনা দি দোষিক শাস্থীৰ দাবী জনায় ।( ফাইল ৮০৬)

Conclusion:সকলোৱে শান্তি প্ৰতিষ্টাৰ বাবে আহ্বান জনায় ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.