চিৰাং,10 আগষ্ট: চিৰাং জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 2 নং আব্দাগুৰীত বনবিভাগ আৰু পানবাৰী আৰক্ষীৰ যৌথ অভিযান ৷ অভিযানত এটা অবৈধ কাঠ ফলা মিল সহ বহু লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু বনবিভাগ ৷
উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই একাংশ অসাধু কাঠ বেপাৰীয়ে অবৈধ ভাৱে কাঠফলা মিলটো চলায় আছিল যদিও বন্ধ কৰিবলৈ সক্ষম হোৱা নাছিল বনবিভাগৰ লোক ৷ অৱশেষত শনিবাৰে পুৱা অতিৰিক্ত বন সংৰক্ষক আব্বাছ আলী দেওয়ানৰ নেতৃত্বত আৰু পাণবাৰী আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় অবৈধ কাঠ ফলা মিলটো ৷ বনবিভাগৰ লোক উল্লেখ কৰা অনুসৰি বনবিভাগৰ অভিযানৰ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয় কাঠমিলৰ মালিক আৰু কাঠবেপাৰীৰ দলটো ৷