চিৰাং, ৮ জানুৱাৰী: শুক্ৰবাৰে পুৱা ঢালিগাঁও থানাৰ অন্তৰ্গত চিৰাং-বঙাইগাঁও সীমান্তৰ খাৰিজা দোলাইগাঁৱত অবৈধ তেলৰ ঘাটি উৎখাত কৰে আৰক্ষীয়ে । ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে অবৈধভাৱে গঢ়ি তোলা চোৰাং তেলৰ ঘাটি উচ্ছেদ কৰে ।
![তেলৰ অবৈধ ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangillegaloilghatiseized-vis-10012_08012021163833_0801f_1610104113_623.jpg)
চোৰাং তেলৰ ঘাটিৰ পৰা আৰক্ষীয়ে এখন এন এল ০২এল-৭৬৩৪ নম্বৰৰ তেলৰ টেংকাৰ, এখন এএচ ১৯এচি--৩০৭৭ নম্বৰৰ টাটা এচি গাড়ী, এখন এএচ২৯চি--৯৮৮৫ নম্বৰৰ বাহন, এখন এএচ২৪বি--৭৪১২ নম্বৰৰ বাজাজ ডিচক'ভাৰ মটৰ চাইকেল, এখন স্কুটী জব্দ কৰে ।
![তেলৰ অবৈধ ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangillegaloilghatiseized-vis-10012_08012021163833_0801f_1610104113_1041.jpg)
লগতে ৮টা তেল ভৰ্তি ড্ৰাম, খালী ড্ৰাম ২০টা, তেল চুৰিত ব্যৱহৃত পানী তোলা মটৰ, বিভিন্ন ধৰণৰ পাইপ ৪ ডাল, ৩ টা মোবাইল আৰু আন বহুতো সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।
![তেলৰ অবৈধ ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangillegaloilghatiseized-vis-10012_08012021163833_0801f_1610104113_404.jpg)
এই সন্দৰ্ভত ঢালিগাঁও থানাত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
![তেলৰ অবৈধ ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangillegaloilghatiseized-vis-10012_08012021163833_0801f_1610104113_957.jpg)
চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰে যে, জিলা সদৰ উপ-আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু ঢালিগাঁও থানাৰ আৰক্ষী বিষয়া মনোজ নাৰ্জাৰীৰ নেতৃত্বত এই অভিযান চলিছিল ।
![তেলৰ অবৈধ ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangillegaloilghatiseized-vis-10012_08012021163833_0801f_1610104113_780.jpg)
আৰক্ষীয়ে বাহন আৰু তেল চুৰিত ব্যৱহৃত সামগ্ৰী জব্দ কৰে যদিও অভিযানৰ সম্ভেদ পাই চোৰাং ব্যৱসায়ীয়ে পলায়ন কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:নিৰ্দেশ জাৰি কৰি বিমোৰত পৰিছে এন আৰ চি কৰ্তৃপক্ষ