চিৰাং, 12 আগষ্ট: চিৰাঙৰ বিজনী আনন্দ বজাৰত আৰক্ষীৰ সুৰা বিৰোধী অভিযান ৷ দেওবাৰে নিশা বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰাৰ নেতৃত্বত চলা বিশেষ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ আনন্দ বজাৰৰ ৰমেন নাৰ্জাৰী নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকাৰ এই অবৈধ বিলাতী সুৰাখিনি ৷
উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বিজনীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলোৱা ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক হৈছে কেইবাজনো লোক ৷ ইয়াৰোপৰি দেওবাৰে নিশা লক্ষাধিক টকা মূল্যৰ চোৰাং তথা অবৈধ বিলাতী সুৰা জব্দ কৰা ঘটনাই বিজনীত সৃষ্টি কৰিছে চাঞ্চল্য ।