ETV Bharat / state

চিৰাঙত জব্দ চোৰাং কাঠভৰ্তি বাহন - পুনৰ জব্দ হ'ল চোৰাং কাঠ

চিৰাঙত বন বিভাগৰ অভিযানত দহ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠসহ নম্বৰ প্লেটবিহীন পাঁচখনকৈ বাহন জব্দ । নিতৌ বন বিভাগৰ চকুত ধুলি দি নিতৌ চিৰাং-বঙাইগাঁৱৰ মাজেদি চোৰাংকৈ কাঠ সৰবৰাহ কৰি আছে চোৰাং কাঠ ব্যৱসায়ীসকলে ।

চিৰাঙত জব্দ চোৰাং কাঠভৰ্তি বাহন
চিৰাঙত জব্দ চোৰাং কাঠভৰ্তি বাহন
author img

By

Published : Feb 18, 2021, 5:38 PM IST

চিৰাং, ১৮ ফেব্ৰুৱাৰী: বুধবাৰে নিশা চিৰাঙত পুনৰ জব্দ হ'ল চোৰাং কাঠ কঢ়িওৱা নম্বৰ প্লেটবিহীন পাঁচখনকৈ বাহনসহ কাঠ । শেহতীয়াকৈ জিলাখনত ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন চোৰাং কাঠভৰ্তি ট্ৰাক আৰক্ষী আৰু বন বিভাগে জব্দ কৰাৰ ঘটনাই জিলাখনত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিছে । নিতৌ বন বিভাগৰ চকুত ধুলি দি নিতৌ চিৰাং-বঙাইগাঁৱৰ মাজেদি চোৰাংকৈ কাঠ সৰবৰাহ কৰি আছে চোৰাং কাঠ ব্যৱসায়ীয়ে ।

চিৰাঙত জব্দ চোৰাং কাঠভৰ্তি বাহন

নিশা জিলা বন বিভাগে চলোৱা অভিযানত জব্দ কৰা হয় চোৰাং কাঠ কঢ়িওৱা নম্বৰ প্লেটবিহীন পাঁচখনকৈ বলেৰো পিক আপ ভানসব কাঠ । বন বিভাগে এক গোপন সূত্ৰৰ পমখেদি কাঠ সৰবৰাহ কৰা বাহনৰ বিৰুদ্ধে জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত দহ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

ইপিনে সংবাদ মাধ্যমতো ধাৰাবাহিক ভাৱে বাতৰি পৰিৱেশন কৰি অহাৰ পিছতো ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মৌন হৈ চাই থকা কাৰ্যই চিৰাংবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক:তিনিচুকীয়াত ৭টা আপুৰুগীয়া বনৰৌ সহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.