ETV Bharat / state

চিৰাঙত কেবালাখ টকাৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

author img

By

Published : Oct 13, 2020, 4:15 PM IST

চিৰাঙত সোমবাৰে নিশা বন বিভাগৰ অভিযান । এই অভিযানত কেবালাখ টকাৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ । বন বিভাগৰ এজাহাৰ দাখিল।

কেবালাখ টকাৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

চিৰাং, 13 অক্টোবৰঃ চিৰাঙত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে এই বিষয়ে জনায় যে চিৰাং জিলা বন বিভাগে গোপনে পোৱা তথ‍্যৰ ভিত্তিত সোমবাৰে নিশা আৰক্ষীৰ সহযোগত ১ বজাৰ পৰা অভিযান চলায়। জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পুৱ বিলাসপুৰত অভিযান চলাই আব্দুল ৰেজ্জাকৰ ঘৰৰ পৰা প্ৰায় এহেজাৰ ঘনমিটাৰ চোৰাং বনচোম,লালি,সিধা আদি কাঠ জব্দ কৰি বন সংমণ্ডল কাৰ্য‍ালয় লৈ আনে। জব্দকৃত কাঠ খিনিৰ বজাৰ মুল‍্য প্ৰায় ৮ লক্ষাধিক টকা হ'ব বুলিও জনায় বিষয়া জনে। তেওঁ আৰু জনায় যে,

এই ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ আইন অনুসৰি এই সকল চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা কৰা হ'ব ।

ইয়াৰ পুৰ্বেও বিলাসপুৰ গাঁৱৰ পৰা বহু বাৰ চোৰাং কাঠ জব্দ কৰিছে যদিও আইনী ভাৱে কঠোৰ ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । কিন্ত এতিয়াৰে পৰা চোৰাং কাঠৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব‍্যৱস্থা লোৱাৰ কথা সদৰি কৰে । আজি চোৰাং কাঠ উদ্ধাৰ হোৱা সন্দৰ্ভত আব্দুৰ ৰেজ্জাক আৰু হাগ্ৰামা বুলি লোক এজনৰ বিৰুদ্ধে বন বিভাগে গোচৰ দিয়া বুলিও জনায় চিৰাং ডি এফ অ ব্ৰহ্মানন্দ পাতিৰীয়ে ।

বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
বিটিচিত ৰাজ‍্যপালৰ শাসন আৰম্ভ হোৱাৰে পৰা ৰাজ‍্যপাল জগদীশ মুখীয়ে বন বিভাগক কঠোৰ নিৰ্দেশনা দিছিল বন ধ্বংশ ৰোধ কৰাৰ বাবে। চোৰাং কাঠৰ কাৰবাৰ কঠোৰ হাতেৰে দমন কৰাৰ নিৰ্দেশ দিছিল ৰাজ‍্যপালে । তাৰ পিচতে বন বিভাগ,আৰক্ষীয়ে যৌথভাৱে চোৰাং কাঠৰ ব‍্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে যদিও চোৰাং কাঠৰ ব‍্যৱসায়ী সকলে নিতৌ নতুন নতুন পদ্ধতি অৱলম্বন কৰি আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি চলাই গৈছে চোৰাং ৰমৰমীয়া ব‍্যৱসায়। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চল আৰু কোকৰাঝাৰ জিলাৰ ৰিপু চিৰাং বনাঞ্চলৰ পৰা এই সমুহ চোৰাং কাঠ আনে বুলিও জানিব পৰা গৈছে । লগতে চাওকঃ নতুন প্ৰযুক্তিৰে চুম্বকীয় অভিযানৰ বাবে ড্ৰোননিৰ্ভৰ মানৱবিহীন আকাশী যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.