ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত চিৰাঙত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ - শান্তিপূৰ্ণ ভাৱে পৰিষদীয় নিৰ্বাচন

জিলাখনৰ ভাৰত-ভুটান সীমান্তৰ ৰুনিখাতা সিধাপাৰাত মাটিত পোটি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জনায় যে, বিটিচি পৰিষদীয় নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্টিত কৰাৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে । তাৰে ফলস্বৰূপে আজি বিশেষ সুত্ৰৰ পম খেদি পোৱা তথ্যৰ ভিত্তিত আজি ৰাতিপুৱা ৬.৩০ বজাৰ পৰা চলোৱা অভিযানত দুপৰীয়া আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত চিৰাঙত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ

author img

By

Published : Dec 5, 2020, 4:23 PM IST

চিৰাং,5 ডিচেম্বৰঃ চিৰাঙত বিটিচি নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত সিধাপাৰাত আৰক্ষীৰ অভিযান । কেবাঠাইত অভিযান চলাই আৰক্ষীয়ে পোটি থোৱা অৱস্থাত উদ্ধাৰ কৰে মাৰণাস্ত্ৰ খিনি ।

বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত চিৰাঙত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ
বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত চিৰাঙত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ

চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জনায় যে, বিটিচি পৰিষদীয় নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্টিত কৰাৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে । তাৰে ফলস্বৰূপে আজি বিশেষ সুত্ৰৰ পম খেদি পোৱা তথ্যৰ ভিত্তিত আজি ৰাতিপুৱা ৬.৩০ বজাৰ পৰা চলোৱা অভিযানত দুপৰীয়া আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

ইপিনে পলিথিনত মেৰিয়াই মাটিত পোটিথোৱা অৱস্থাত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ খিনি ক্ৰমে মেগজিনৰ সৈতে এম ২০ পিস্তল এটা, নাইন এম এম পিস্থল ৩ টা, নাইন এম এম পিস্তলৰ মেগজিন ৩ টা, মেগজিনৰ সৈতে ৭.৬৫ এম এম পিস্তল ২ টা, ৰাইফল এটা, চাইনিজ হেণ্ড গ্ৰেণেড দুটা, ৩৬ নম্বৰৰ হেণ্ড গ্ৰেনেড দুটা, এ.কে. চিৰিজৰ সজিৱ গুলি ৯ টা, নাইন এম এমৰ সজিৱ গুলি ৭ টা, ৭.৬৫ৰ সজিৱ গুলি সহ অন্যান্য ১৬ টা গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

জিলা আৰক্ষী অধীক্ষক জনে জনায় যে, যি কোনো প্ৰকাৰে জিলাখনত শান্তিপূৰ্ণ ভাৱে পৰিষদীয় নিৰ্বাচন অনুষ্টিত কৰিবলৈ আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । নিৰ্বাচনৰ দিনাখন সকলো ভোটগ্ৰহণ কেন্দ্ৰত দুতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব বুলিও জনায় আৰক্ষী অধীক্ষক জনে। উল্লেখ্য যে, জিলা সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া আৰু ৰুনিখাতা থানাৰ অ’চি সহ আৰক্ষীৰ এটা দলে চলাইছিল আজিৰ এই অভিযান ৷

লগতে পঢ়কঃ ৰঙিয়াত অগ্নিকাণ্ড : জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.