ETV Bharat / state

চিৰাঙত এম্বুলেঞ্চৰ পৰিৰ্বতে সাঙিত চিকিৎসালয়লৈ অনা হ'ল গৰ্ভৱতী প্ৰসূতিক

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা প্ৰাথমিক চিকিৎসালয়লৈ গৰ্ভৱতী প্ৰসূতিক এম্বুলেঞ্চৰ পৰিৰ্বতে অনা হ'ল সাঙিত । স্বাধীনতাৰ ৭৩ বছৰৰ পিচতো দেশৰ স্বাস্থ্য বিভাগৰ এই নগ্ন ৰূপ ।

এম্বুলেঞ্চৰ পৰিৰ্বতে সাঙিত গৰ্ভৱতী প্ৰসূতি
author img

By

Published : Sep 8, 2019, 7:51 PM IST

চিৰাং,8ছেপ্টেম্বৰঃ চিৰাঙত পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ এক নগ্ন ছবি । কাৰণ এম্বুলেঞ্চৰ পৰিৱৰ্তে সাঙিত চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি । এই ঘটনা জিলাখনৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ৷ উল্লেখ্য যে এটা ভাল পথ আৰু এখন পকী দলঙৰ অভাৱত ওদালগুৰি গাঁৱৰ ৰাজু মাৰাকৰ পত্নী নমিতা টুডু নামৰ প্ৰসূতিগৰাকীক পৰিয়ালৰ লোকে দেওবাৰে এম্বুলেঞ্চৰ পৰিৱৰ্তে সাঙীত তুলি ঘৰৰ পৰা ৮/৯ কিঃমিঃ পথ খোজকাঢ়ি চিকিৎসালয়লৈ অনা কাৰ্যই অতি সহজে উদঙাই দিছে জিলাখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ । লগতে গড়কাপ্তানী বিভাগেও বৰ্তমানলৈকে এই সমূহ অঞ্চলত উন্নতি সাধনত সমূলি ব্যৰ্থ হৈছে । জিলাখনৰ অতি গুৰুত্বপূৰ্ণ তথা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ নিজ সমষ্টিতে এনে দুখজনক পৰিৱেশ । স্থানীয় লোকে জনোৱা মতে ৰুনিখাতাৰ ওচৰৰ ভুৰ নৈৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি আছে যদিও অত্যন্ত লেহেমীয়া আৰু জৰুৰীকালীন সেৱাৰ বাবে কোনো বিকল্প নথকাত সধাৰণ ৰাইজে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে । যাৰ ফলত দেওবাৰে প্ৰসূতিগৰাকীক সাঙীত বান্ধি চিকিৎসালয়লৈ নিবলৈ বাধ্য হ'ল দুৰ্ভগীয়া তথা অতিকে দৰিদ্ৰ পৰিয়ালটো ৷

Intro:চিৰাং জিলাৰ ভাৰত ভুটান সীমান্তৰ ৰুণীখাতা প্ৰাথমিক চিকিৎসালয়লৈ গৰ্ভৱতী প্ৰসুতিক এম্বুলেঞ্ছৰ পৰিৰ্বতে অনা হল সাঙীত । স্বাধীনতাৰ ৭৩ বছৰৰ পিচতো দেশৰ স্বাস্থ্য বিভাগৰ এই নগ্ন ৰূপ ।

Body: চিৰাঙত পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ নগ্ন ছবি। এম্বুলেঞ্চৰ পৰিৱৰ্তে সাঙীত চিকিৎসালয়লৈ আনিবলগীয়া হৈছে প্ৰসুতি । চিৰাং জিলাৰ ভাৰত ভুটান সীমান্ত অঞ্চলত আচলতে কিমান উন্নয়ণ হৈছে ইয়াক সহজে অনুমান কৰিব পাৰিব অসমবাসীয়ে এই দৃশ্যৰ পৰা । পৰিৱৰ্তনৰ শ্লোগানেৰে অসমত চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ বাস্থৱ চিত্ৰ এয়া । এখন ভাল পথ আৰু পকী দলঙৰ অভাৱত ওদালগুৰি গাঁওৰ ৰাজু মাৰাকৰ পত্নি নমিতা টুডু(২৯) নামৰ প্ৰসুতি গৰাকীক পৰিয়ালৰ লোকে আজি এম্বুলেঞ্ছৰ পৰিৰ্বতে সাঙীত তুলি ঘৰৰ পৰা ৮/৯ কি: মি : পথ খোজকাঢ়ি এই দৰেই চিকিৎসালয়লৈ অনা কাৰ্যত অতি সহজে উদঙাই দিছে জিলাখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ। বিশেষ তাৰ্পয্য বহন কৰিছে হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিত । বহুবল্কি তথা মহা প্ৰতাপি অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমাৰ গড়কাপ্তানী বিভাগেওঁ আজিলৈকে অসমৰ এই সমুহ জিলাত উন্নতি সাধনত সমুলি ব্যৰ্থ হৈছে। জিলা খনৰ অতি গুৰুত্বপুৰ্ণ তথা বিটিচিৰ উপ-মুখ্য ৰ্কায্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ নিজ সমষ্টিতে আজি দেখিবকৈ পোৱা গন এনে দুখজনক পৰিৱেশ । স্থানীয় লোকে জনোৱা মতে ৰুনিখাতাৰ ওচৰৰ ভুৰ নদীৰ ওপৰত দলং ৰ্নিমাণৰ কাম চলি আছে যদিও অত্যন্ত লেহেমীয়া আৰু জৰুৰীকালীন সেৱাৰ বাবে কোনো বিকল্প নথকাত সধাৰণ ৰাইজে বিপদৰ সন্মুখীন হব লগীয়া হৈছে এইদৰে । এই দুৰ্ভগীয়া তথা অতিকে দৰিদ্ৰ প্ৰসুতি গৰাকীক সাঙীত বান্ধি চিকিৎসালয়লৈ অনা কাৰ্য্যই তাৰ জলন্ত উদাহৰণ । চৰকাৰে এনেধৰণৰ দৰিদ্ৰ ৰোগীৰ সৈতে আৰু কিমান দিন লুকাভাকু খেলিব সেয়াও এই সময়ত প্ৰশ্নৰ উদ্ৰেক কৰিছে। উন্নয়ন শীল দেশ যত চন্দ্ৰযান প্ৰেৰনৰ ক্ষমতা আছে তেনে ধৰনৰ দেশত আজি সভ্যসমাজত আৰু কিমান দিন এনেসমুহ দৃশ্য আমাৰ চকুৰ আগত ভাহি থাকিব। চৰকাৰে এনেধৰণৰ সমস্যা কেতিয়া সমাধান কৰিব পাৰিব সেয়া সময়তহে স্পষ্ট হব। ।

বাইট : পৰিয়ালৰ লোক ।

Conclusion:প্ৰতিবাৰেই নিৰ্ব্বচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে নেতা,মন্ত্ৰী বিধায়ক সকলে কিন্ত কাৰ্য্যত নিৰ্ব্বাচন যোৱাত পিচত কোনো কামেই নকৰে । এই অভিযোগ আমাৰ নহয় অঞ্চলটোৰ ভূক্তভোগি লোকসকলৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.