ETV Bharat / state

বিটিচিৰ উন্নয়নৰ ধনেৰে বৈধ-অবৈধ মাৰণাস্ত্ৰ ক্ৰয় কৰা হৈছিলঃ নৱ কুমাৰ শৰণীয়া - বিটিচিৰ উন্নয়ন

বিটিচিৰ নিৰ্বাচন লৈ ঠায়ে ঠায়ে গণ সুৰক্ষা পাৰ্টী বা অন্য লোকৰ ওপৰত হৈ থকা আক্ৰমণ সন্দৰ্ভত নৱ শৰণীয়াই কয় যে, এয়া কোনো পধ্যেই সহ্য কৰিবলগীয়া কথা নহয়, এয়া অতিকে দুৰ্ভাগ্যজনক। প্ৰশাসনক নিৰপেক্ষ ভাৱে এনে অপশক্তি সমূহক দমন কৰিবলৈ দাবী জনায় সাংসদগৰাকীয়ে ।

Chirang GSP election meeting
বিটিচিৰ উন্নয়নৰ ধনেৰে বৈধ-অবৈধ মাৰণাস্ত্ৰ ক্ৰয় কৰা হৈছিলঃ নৱ কুমাৰ শৰণীয়া
author img

By

Published : Sep 2, 2020, 3:41 PM IST

চিৰাং, 2 চেপ্টেম্বৰ : বিটিচিৰ পৰিষদীয় নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক বাতাবৰণ লাহে লাহে গৰম হৈছে চিৰাঙত । কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা বিটিচিৰ উন্নয়নৰ ধনেৰে বিটিচিত যথেষ্ট বৈধ-অবৈধ অস্ত্ৰ ক্ৰয় কৰিছিল বুলি অভিযোগ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ।

শৰণীয়াই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এনেদৰে কয়, " যি সমুহ অস্ত্ৰ এতিয়াহে আৰক্ষীয়ে ধাৰাবাহিক ভাৱে উদ্ধাৰ কৰি আছে । আমি পূৰ্বৰ পৰাই এই বিষয়ে অভিযোগ কৰি আছিলো সেয়া এতিয়া সত্য প্ৰমাণিত হ‘ল । এতিয়ালৈ বিটিচিত মজুত থকা অবৈধ অস্ত্ৰৰ দহ শতাংশও উদ্ধাৰ হোৱা নাই । " তদুপৰি তেখেতে কয় যে, "মোক লৈ কিছু লোকৰ মাজত এতিয়াও ৰহস্য আছে । তেওঁলোকে ভাৱে মোৰ হাতত এতিয়াও অবৈধ অস্ত্ৰ আছে বুলি। মই সিদিনাও কৈছো যে মোৰ পিতৃৰ হাতত ইমান টকা নাছিল যে যধে মধে অস্ত্ৰ ক্ৰয় কৰিম । তেওঁলোকে নিজৰ দোষ আমাৰ ওপৰত জাপি দিয়াৰ চেষ্টাহে কৰিছে । এই ক্ষেত্ৰত প্ৰশাসনৰ লোকে নিশ্চয় জানে । বিটিচিৰ উন্নয়নৰ ধনেৰে তেওঁলোকে হে অস্ত্ৰ ক্ৰয় কৰিছিল । আমাৰ মানুহেও জানে যে মই যদিয়ো সশস্ত্ৰ সংগ্ৰামী আছিলো, কিন্তু এতিয়া মই গণতান্ত্ৰিক সংগ্ৰামত বিশ্বাসী ।"

বিটিচিৰ উন্নয়নৰ ধনেৰে বৈধ-অবৈধ মাৰণাস্ত্ৰ ক্ৰয় কৰা হৈছিলঃ নৱ কুমাৰ শৰণীয়া

বিটিচিৰ নিৰ্বাচন লৈ ঠায়ে ঠায়ে গণ সুৰক্ষা পাৰ্টী বা অন্য লোকৰ ওপৰত হৈ থকা আক্ৰমণ সন্দৰ্ভত নৱ শৰণীয়াই কয় যে, এয়া কোনো পধ্যেই সহ্য কৰিবলগীয়া কথা নহয়, এয়া অতিকে দুৰ্ভাগ্যজনক। প্ৰশাসনে নিৰপেক্ষ ভাৱে এনে অপশক্তি সমূহক দমন কৰিবলৈ দাবী জনায় ।

গণ সুৰক্ষা দলে বিটিচিৰ ৩৫ টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে তথা ৩০ বা ৩১ খন আসন জিকাৰ আশা কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ।

উল্লেখ্য যে, চিৰাং জিলাৰ অন্তৰ্গত ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী বিদ্যুৎ শৰণীয়াৰ হৈ বুধবাৰে কাশিকত্ৰাৰ টুঙ্খু বাৰীৰ বাসন্তি মন্দিৰত আয়োজিত এক নিৰ্বাচনী সভাত প্ৰাৰ্থী বিদ্যুৎ শৰণীয়া, কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰণীয়া, গণ সুৰক্ষা পাৰ্টীৰ জিলা সভাপতি শ্বহিদুল ইচলাম, সম্পাদক মনোৰঞ্জন ৰায় সহ পাঁচ শতাধিক লোক উপস্থিত থাকে ।

লগতে পঢ়ক: দক্ষ স্তনপানে শিশুৰ সৰ্বোত্তম পুষ্টি নিশ্চিত কৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.