ETV Bharat / state

প্ৰসংগ এন আৰ চি: বিজনীত গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিনয় তামাং

গোৰ্খা ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতাৰ পাছতো চিৰাঙৰ বিজনীত উপস্থিত জনমুক্তি মৰ্চাৰ মুৰব্বী বিনয় তামাং ৷ এন আৰ চিত নাম নহা গোৰ্খা লোকৰ সৈতে বাৰ্তালাপ ৷

author img

By

Published : Sep 14, 2019, 11:50 PM IST

প্ৰসংগ এন আৰ চি: বিজনীত গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিনয় তামাং

বিজনী,14 চেপ্তেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতাক উলাই কৰি শনিবাৰে চিৰাঙৰ বিজনীত উপস্থিত হ'ল গোৰ্খালেণ্ড টেৰিট'ৰিয়েল কাউঞ্চিলৰ চমুকৈ জি টি এৰ মুৰব্বী বিনয় তামাং ৷ ৰাজ্য শেহতীয়া এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় 85 হাজাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকৰ নাম কৰ্তন হোৱাৰ পাছত চিন্তিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে শনিবাৰে অসমত উপস্থিত হয় গোৰ্খা মুক্তিৰ নেতাজন ৷ উপস্থিত হৈয়ে বিনয় তামাঙে এটা সজাঁতি দল লৈ বিদেশী ন্যায়াধীকৰণ অথবা উচ্চতম ন্যায়ালয়ৰ জৰিয়তে নাম কৰ্তন হোৱা লোকৰ সমস্যা কি দৰে সমাধান কৰিব পাৰি তাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোৰ্খা সকলৰ ঘৰে ঘৰে গৈ সমস্যাৰ বুজ লয় ৷ শনিবাৰে বিজনীত ভাৰতীয় নাগৰিক সুৰক্ষা মঞ্চৰ সৈতে এক বাৰ্তালাপতো মিলিত হয় জি টি এৰ মুৰব্বী গৰাকী ৷ উক্ত বাৰ্তালাপত উপস্থিত থাকে নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জমশ্বেৰ আলি,মুখপাত্ৰ অনিৰ্বান সেন,উপদেষ্টা বিশেশ্বৰ মৈত্ৰী সহ সংগঠনটোৰ একাধিক সদস্য ৷

প্ৰসংগ এন আৰ চি: বিজনীত গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিনয় তামাং

উল্লেখযোগ্য যে, এন আৰ চিৰ সন্দৰ্ভত বিনয় তামাং তথা গোৰ্খা জনমুক্তি মৰ্চাৰ সজাঁতি দলৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে গোৰ্খা ছাত্ৰ সন্থাই ৷ গোৰ্খা ছাত্ৰ সন্থাই এন আৰ চিৰ পৰিস্থিতিৰ সুবিধা লৈ অসমত অশান্তি বিয়পাবলৈ অহা বুলি গোৰ্খা ছাত্ৰ সন্থাই বিনয় তামাঙৰ ওপৰত কৰা অভিযোগ নসাৎ কৰি তামাঙে সংবাদিকৰ আগত কয় যে গুৱাহাটীৰ শীত তাপ নিয়ন্ত্ৰিত ৰুমত বহি সমস্যাৰ বুজ লোৱাৰ পৰিৱৰ্তে গোৰ্খা ভাই সকলৰ বৃহত্তৰ স্বাৰ্থত এই বিপদৰ সময়ত সকলোৱে একেলগে কাম কৰক ৷ তেওঁ লগতে কয় যে অসম ভ্ৰমণৰ কালচোৱাত তেওঁক অসম চৰকাৰে সম্পূৰ্ণ সহায় সহযোগিতাৰ লগতে সুৰক্ষাও আগবঢ়়াইছে ৷ সাংবাদিকৰ আগত বিনয় তামাঙে অসমৰ আভ্যন্তৰীণ বিষয়ত কোনো হস্তক্ষেপ নকৰাৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁৰ ভ্ৰমণৰ কোনো ৰাজনৈতিক উদ্দেশ্য নথকাৰ কথা স্পষ্ট কৰে ৷

Intro:প্ৰসংগ এন আৰ চি, চিৰাঙৰ বিজনীত গোৰ্খালেণ্ড টেৰিটোৰিয়েল কাউঞ্চিলৰ(GTA) মূৰব্বী বিনয় তামাং। এন আৰ চিত নাম নহা লোকৰ হৈ আইনী সহায়ৰ আস্বাস ।

Body:অসম গোৰ্খা ছাত্ৰ সন্থাৰ বহু বিৰোধিতাৰ পিছতো গোৰ্খা সকলক সহায় কৰিবলৈ বদ্ধপৰিকৰ গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি তথা জি.টি.এৰ.মূৰব্বী বিনয় তামাং । অসমত শেহতীয়াকৈ প্ৰকাশ পোৱা এন আৰ চিৰ চুৰান্ত তালিকাৰ পৰা আনুমানিক ৮৫ হাজাৰ গোৰ্খা সম্প্ৰদায়ৰ নাম বাদ পৰাত চিন্তিত গোৰ্খা জনমুক্তি মৰ্চা। প্ৰকৃত ভাৰতীয় গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ নাম এন আৰ চি ৰ তালিকাৰ পৰা বাদ পৰাত বিদেশী ন্যাধিকৰণৰ জৰিয়তে অথবা উচ্চতম ন্যায়ালয়ৰ দাৰস্ত হৈ কিদৰে এই সমস্যা সমাধান কৰিব পাৰি তাৰ উদ্দেশ্য আগত ৰাখি অসমৰ বিভিন্ন প্ৰান্তত গোৰ্খা জনমুক্তি মৰ্চাৰ এটা সজাতি দলে গোৰ্খা সকলৰ ঘৰে ঘৰে গৈ সমস্যাৰ বুজ লয়। শনিবাৰে চিৰাং জিলাৰ বিজনীত ভাৰতীয় নাগৰিক সুৰক্ষা মঞ্চৰ সৈতে বাৰ্তালাপত মিলিত হয় GTAৰ মূৰব্বী বিনয় তামাং সহ গোৰ্খা জনমুক্তি মৰ্চাৰ এটা সজাতি দল। উক্ত বাৰ্তালাপত ভাৰতীয় নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জমশ্বেৰ আলি, মুখপাত্ৰ অনিৰ্বান সেন,উপদেষ্টা বিশেশ্বৰ মৈত্ৰী সহ সংগঠনটোৰ একাধিক সদস্যৰ সৈতে বাৰ্তালাপত মিলিত হয় বিনয় তামাং। উল্লেখ্য যে গোৰ্খা জনমুক্তি মৰ্চাৰ সজাতি দল এন আৰ চিৰ সন্দৰ্ভত অসম ভ্ৰমনৰ বিৰোধিতা কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা। অসম শান্তিপূৰ্ণ হৈ থকা অৱস্থাত অন্য ৰাজ্যৰ পৰা এন আৰ চিক লৈ অসমত অশান্তিৰ সৃষ্টি কৰিবলৈ অহা বুলি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মন্তব্যৰ সন্দৰ্ভত বিনয় তামাঙে সংবাদ মাধ্যমৰ আগত এই অভিযোগ নচ্ছ্যাৎ কৰি কয় যে গুৱাহাটীৰ শীত তাপ নিয়ন্ত্ৰিত ৰুমত বহি সমস্যৰ বুজ লোৱাৰ পৰিবৰ্তে গোৰ্খা ভাই সকলৰ বৃহত্তৰ স্বাৰ্থত এই দুৰ্যোগ পূৰ্ণ সময়ত সকলোৱে একেলগ হৈ কাম কৰিবলৈ আহ্বান জনায় বিনয় তামাঙে। ইয়াৰোপৰি তেওঁ কয় যে অসম ভ্ৰমন কালত অসম চৰকাৰে বিনয় তামাঙক সম্পূৰ্ণ সহায় সহযোগিতা জনোৱাৰ উপৰিও সুৰক্ষা প্ৰদান কৰিছে। অসমৰ আভ্যন্তৰিণ বিষয়ত কোনো হস্তক্ষেপ নকৰাৰ উপৰিও কোনো ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি গোৰ্খা জনমুক্তি মৰ্চাৰ এই ভ্ৰমণ নহয়,মৰ্চাৰ এই ভ্ৰমণ কেৱল প্ৰকৃত ভাৰতীয় গোৰ্খা সম্প্ৰদায়ৰ লোক সকলোক কিদৰে সহায়ৰ হাত আগবঢ়াব পাৰি তাৰেই গোৰ্খা জনমুক্তি মৰ্চাৰ একমাত্ৰ প্ৰয়াস।

বাইট : বিনয় তামাং আৰু জমশ্বেৰ আলী ।

Conclusion:মুঠতে দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চিৰ কামত ব্যাপক বিসংগতি সংঘটিত হৈছে । যাৰ বাবে আজি প্ৰায়সমুহ পৰিয়াল যি সকলৰ নাম আহিছে তেওঁলোকৰ পৰা দই/এজনৰ নাম বাদ পৰিছে । এইকাৰনেই অসমৰ সকলো দল সংগঠনে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.